NORTHEAST NOW (Assamese)
অসম

কা সম্পৰ্কে জাৰি কৰা নতুন নিয়ম বাতিলৰ দাবীত ১১ ঘন্টীয়া বিক্ষোভ কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 4, 2025 4:50 pm

সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যখনৰ খিলঞ্জীয়া পৰিচয়ৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা কা আইনৰ নতুন নিয়মৰ বিৰোধিতা কৰি ১১ ঘন্টীয়া অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰে।

এই ১১ ঘণ্টীয়া বিক্ষোভত কেন্দ্ৰৰ নতুন অনুপ্ৰৱেশ আদেশৰ বিৰোধিতা কৰি তেওঁলোকে সকীয়াই দিয়ে যে ধৰ্মৰ ভিত্তিত বিদেশীৰ কোনো বিভাজন অসমে মানি নলয়।

পুৱা ৬ বজাৰ পৰা আটাইকেইখন জিলা সদৰত আৰম্ভ হোৱা এই প্ৰতিবাদত ধৰ্ম নিৰ্বিশেষে অবৈধ অনুপ্ৰৱেশকাৰীক তাৎক্ষণিকভাৱে বহিষ্কাৰ আৰু অসম চুক্তি ৰূপায়ণ কৰাৰ দাবী উত্থাপন কৰা হয়। এই আন্দোলন গুৱাহাটী দীঘলীপুখুৰীতো কৰা হয়।

আছুৰ নেতা উৎপল শৰ্মাই কয় যে চৰকাৰে খিলঞ্জীয়া জনগোষ্ঠীক দমন কৰিবলৈ বহিৰাগত মানুহ আনিব খুজিছে।

“হিন্দু হওক বা মুছলমান হওক, সকলো বিদেশীয়েই অসম এৰি যাব লাগিব” বুলি ঘোষণা কৰি সীমান্ত ছীল কৰাৰ দাবী জনাই অসমক নাগৰিকত্ব সংশোধনী আইনৰ পৰা ৰেহাই দিয়াৰ আহ্বান জনায় আছু নেতাগৰাকীয়ে।