NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 17, 2025 11:08 am

আমেৰিকাত সোঁপন্থী কৰ্মী চাৰ্লি কাৰ্কক গুলীয়াই হত্যা কৰাৰ অভিযোগত অভিযুক্ত লোকজনৰ সন্দৰ্ভত এক গুৰুতৰ দাবী উত্থাপন হৈছে।

জানিব পৰা মতে, অভিযুক্তই নিজৰ ৰুমমেটলৈ গোপন বাৰ্তা প্ৰেৰণ কৰি অপৰাধ স্বীকাৰ কৰিছিল।

২২ বছৰীয়া টাইলাৰ ৰবিনছনৰ বিৰুদ্ধে কাৰ্কক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

উটাহৰ এটৰ্নী জেফ্ৰি গ্ৰেই কয় যে অভিযুক্তই কম্পিউটাৰৰ কিবৰ্ডৰ তলত নিজৰ ৰুমমেটৰ বাবে এখন টোকা লিখি থৈ গৈছিল। লগতে ৰুমমেটগৰাকী আছিল অভিযুক্তৰ ৰোমান্টিক সংগী।

গ্ৰেৰ মতে, টোকাটোত লিখা আছিল, “মোৰ চাৰ্লি কাৰ্কক হত্যা কৰাৰ সুযোগ আছে, আৰু মই সেইটো কৰিবলৈ ওলাইছো।”

ৰুমমেট দুজনৰ মাজত টেক্সট মেছেজো দাখিল কৰে বিচাৰ বিভাগে। ইয়াৰে এটাত অভিযুক্তই কয় যে তেওঁ কাৰ্কক গুলীয়াই হত্যা কৰিছিল কাৰণ তেওঁ “ঘৃণাত বিৰক্ত হৈছিল

চাৰ্লি কাৰ্ক আছিল আমেৰিকাৰ অন্যতম উচ্চ পদস্থ বিষয়া আৰু সংবাদ মাধ্যমৰ ব্যক্তি। তেওঁ আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বিশ্বাসযোগ্য মিত্ৰ।যোৱা বুধবাৰে ইউটাৰ এখন কলেজত গুলীয়াই হত্যা কৰা হৈছিল তেওঁক।