NORTHEAST NOW (Assamese)
Popular Stories

বাতিল কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলঃ উদ্যোক্তাৰ স্পষ্টিকৰণ,জনা নাছিল জুবিনৰ সাগৰ ভ্ৰমণৰ কথা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 19, 2025 7:36 pm

আমাৰ মাজৰ পৰা চিৰবিদায় ল’লে জুবিন গাৰ্গে! ছিংগাপুৰত অনুষ্ঠিত হ’বলগীয়া নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশ ল’বলৈ যোৱা শিল্পীগৰাকীয়ে স্কুবা ডাইভিঙৰ সময়ত অসুস্থ হৈ পৰাত চিকিত্সালয়লৈ নিয়া হয় আৰু চিকিৎসাধীন অৱস্থাতে মৃত্যুবৰণ কৰে শিল্পীগৰাকীয়ে ।

চিকিৎসকৰ আপ্ৰাণ চেষ্টা সত্ত্বেও ঘূৰি নাহিল অসমবাসীৰ প্ৰাণৰ শিল্পী। তেওঁৰ নশ্বৰ দেহ শীঘ্ৰেই স্বদেশলৈ অনাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে। ছিংগাপুৰ জেনেৰেল হস্পাতালত অটোপচি সম্পন্ন হোৱাৰ পিছত কফিনত শুৱাই দিয়া হ’ব শিল্পীগৰাকীক।

২০ ছেপ্টেম্বৰত খানাপাৰাত অনুষ্ঠিত হ’ব শেষ শ্রদ্ধাঞ্জলি অনুষ্ঠান। অনুৰাগীসকলে ফুল, অশ্ৰু আৰু সংগীতেৰে শেষবাৰ বিদায় জনাব মৰমৰ শিল্পীগৰাকীক। কাকতালীয়ভাৱে এই দিনটোতেই অসমৰ আন এজন অমৰ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মদিন। এজন শিল্পী জন্মদিনত আনজন শিল্পীৰ চিৰবিদায় এয়া যেন ভাগ্যৰ নির্মম খেল।

ইপিনে, জুবিনৰ আকস্মিক মৃত্যুৰ পাছতেই বাতিল কৰা হৈছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল। উদ্যোক্তা শ্যামকানু মহন্তই সংবাদ মাধ্যমলৈ প্ৰকাশ কৰা বিবৃতিত কয় যে, “আমাৰ দলটোৱে ছিংগাপুৰত উৎসৱৰ প্ৰস্তুতিত ব্যস্ত থাকোতে জুবিনৰ মেনেজাৰৰ পৰা দুৰ্ঘটনাৰ খবৰ পোৱা গৈছিল। সাগৰলৈ যোৱাৰ কথা তেওঁলোকৰ পৰা জনা নাছিল। খবৰ পোৱাৰ লগে লগে আমি হাস্পতাললৈ পলাই গ’লোঁ আৰু উচ্চ আয়ুক্তৰ সৈতে সংযোগ স্থাপন কৰি সকলো প্ৰক্ৰিয়া আগবঢ়াইছো।” নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডলত প্ৰকাশিত পোষ্টতো এই কথা নিশ্চিত কৰা হৈছে। সেই পোষ্টত উল্লেখ কৰা হৈছে যে জুবিন গাৰ্গে ছিংগাপুৰৰ সময় অনুসৰি ২.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে।