NORTHEAST NOW (Assamese)
অসম

অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিলে ৰিণিকী ভূঞা শৰ্মাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 8, 2025 8:22 pm

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিলে অসমৰ আগশাৰীৰ মহিলা উদ্যোগপতি তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই।

ৰিণিকি ভূঞা শৰ্মাৰ কোম্পানী গোল্ডেন থ্ৰেডছ অৱ অসমৰ বিৰুদ্ধে মিছা আৰু অপমানজনক বক্তব্য দিয়াৰ অভিযোগত এই গোচৰ ৰুজু কৰিছে।

গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশ (চিজেএম) আদালতত কেছ নং ৫০২/২৫ৰ অধীনত এই গোচৰটো ৰুজু কৰা হৈছে।

জানিব পৰা মতে, জুবিন গাৰ্গে অংশগ্ৰহণ কৰিবলৈ যোৱা ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেলত ৰিণিকি ভূঞা শৰ্মা আৰু তেওঁৰ কোম্পানীটোৱে এক অনুষ্ঠান আয়োজন কৰা বুলি অভিযোগ উত্থাপন কৰিছিল অখিল গগৈয়ে।

এই অভিযোগৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰি ৰিণিকি ভূঞা শৰ্মাৰ অধিবক্তা কিশোৰ দত্তই স্পষ্ট কৰি দিয়ে যে এই অভিযোগ ভিত্তিহীন আৰু মানহানিকাৰক। ছিংগাপুৰত অনুষ্ঠিত হোৱা উত্তৰ-পূব ফেষ্টিভেলৰ সৈতে অসমৰ গোল্ডেন থ্ৰেডছৰ কোনো সম্পৰ্ক নাছিল।

তেওঁ কয়, “জুবিন গাৰ্গৰ মৃত্যুৰ দিনটোত মোৰ ক্লায়েণ্ট আৰু তেওঁৰ স্বামী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈ গৰিমা শইকীয়া গাৰ্গক সমবেদনা জ্ঞাপন কৰিছিল।

জানিব পৰা মতে, এই গোচৰৰ পৰৱৰ্তী শুনানি অহা ৩০ অক্টোবৰত অনুষ্ঠিত হব।