NORTHEAST NOW (Assamese)
Popular Stories

জাতিগত প্ৰমাণপত্ৰৰ জালিয়াতি! অসম চৰকাৰৰ ৮ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ দাবি এজেএছৱাইপিৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 29, 2025 3:18 pm

অসমত পুনৰ ভুৱা জাতিগত প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি চাকৰি লোৱাৰ পুনৰ অভিযোগ উঠিছে। ভুৱা জাতিৰ প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি চাকৰিলোৱা অসম চৰকাৰৰ ৮ জনকৈ কৰ্মচাৰীক বৰ্খাস্ত কৰিবৰ বাবে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু মুখ্য ন্যায়াধীশৰ হস্তক্ষেপ বিচাৰি স্মাৰক পত্ৰ দাখিল কৰা বুলি জানিবলৈ দিয়ে।

যোৰহাট, নলবাৰী আৰু ধেমাজিৰ জ্যেষ্ঠ শিক্ষাবিদ আৰু বিভাগীয় কৰ্মচাৰীকে ধৰি অভিযুক্তৰ নাম বন্দনা দাস, লীলা কৈৰী প্ৰসাদ, স্মিতা কুমাৰী মাহাতো, দীপিকা সোৰহিয়া, পল্লৱ বৰুৱা, অভিজিত ধৰ, চন্দ্ৰ প্ৰভা দেৱী সাহু আৰু মধু শাস্ত্ৰী।

উল্লেখ্য যে ইয়াৰ পূর্বে তেওঁলোকক ৰাজ্যিক পর্যায়ৰ তদন্ত সমিতি আৰু চি আই ডি দুয়োটাই ভুৱা জাতিগত প্রমাণ-পত্র ব্যৱহাৰ কৰাৰ বাবে দোষী সাব্যস্ত কৰিছিল৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত দুয়োটা সংস্থাই বিষয়টোৰ তদন্ত কৰিছিল।

‘প্ৰকৃত অনুসূচীত জাতিৰ লোকক বঞ্চিত কৰি তাৰ ঠাইত ভুৱা জাতিগত প্ৰমাণ পত্ৰ দি নিযুক্তি লাভ কৰা এই ব্যক্তি কেই গৰাকী দোষী প্ৰমাণিত হোৱাৰ পিছটো পদত বাহাল আছে বুলি এজেএছৱাইপিৰ সভাপতি সঞ্জীব দাসে  উল্লেখ কৰে।

বিষয়াসকলে সদৰী কৰা অনুসৰি অভিযুক্তসকলে তেওঁলোকৰ দাবীৰ সমৰ্থনত বৈধ প্ৰমাণ দাঙি ধৰাত ব্যৰ্থ হোৱাৰ বাবে কমিটীয়ে তেওঁলোকৰ অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ বাতিল কৰাৰ পৰামৰ্শ আগবঢ়াইছিল।

“আক্ষেপৰ কথাটো হ’ল এই প্ৰৱঞ্চক কৰ্মচাৰীসকলে এতিয়াও কাম কৰি আছে আৰু দৰমহা লাভ কৰি আছে,”  বুলি দাসে  উল্লেখ কৰে। তেওঁ আৰু কয় যে কেইবাটাও ক্ষেত্ৰত অনুসূচিত জাতিৰ বাবে নিৰ্ধাৰিত সুবিধা লাভৰ বাবে ভূৱা নথি-পত্ৰৰ ব্যৱহাৰ কৰি ব্যক্তিসকলে “ৰাতিটোৰ ভিতৰতে” অনুসূচিত জাতিৰ প্ৰাৰ্থী হোৱা বুলিও অভিযোগ উত্থাপন হৈছে।

১৯৯৪ চনত উচ্চতম ন্যায়ালয়ৰ কুমাৰী মাধুৰী পাটিল বনাম অতিৰিক্ত আয়ুক্তৰ ৰায়দানৰ উদ্ধৃতি দি পৰিষদে কেৱল সেৱা বন্ধ কৰাই নহয়, দোষী সাব্যস্ত হোৱাসকলৰ ওপৰত অপৰাধমূলক গোচৰ চলোৱাৰো দাবী জনাইছে।

সংগঠনটোৱে আৰু কয় যে ভুৱা জাতিগত দাবীৰ অধীনত নামভৰ্তি লাভ কৰিব পৰা ছাত্ৰ-ছাত্ৰীক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৰ্তৃপক্ষক আহ্বান জনাই যুক্তি দিয়ে যে প্ৰকৃত হিতাধিকাৰীক অধিকাৰ ঘূৰাই দিব লাগিব।

ভুৱা জাতিৰ প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰা কৰি সমগ্ৰ অসমতে নিয়োজিত কমেও ৫০০ ব্যক্তিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা বুলিও দাবী কৰিছে এজেএছৱাইপিয়ে, এনে ব্যাপক প্ৰৱঞ্চনাই অনুসূচিত জাতিৰ বাবে সাংবিধানিক সুৰক্ষা ব্যৱস্থাত আঘাট কৰা ভবুলি সকীয়াই দিয়ে।