NORTHEAST NOW (Assamese)
Popular Stories

ৰাছিয়াই পাৰমাণৱিক অস্ত্ৰ বৃদ্ধি কৰিছে নেকি? আমেৰিকাৰ সৈতে প্লুটনিয়াম চুক্তি বাতিল পুটিনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 29, 2025 4:14 pm

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আমেৰিকাৰ সৈতে হোৱা প্লুটনিয়াম চুক্তি বাতিল কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ৰাছিয়াৰ উপকূলত পাৰমাণৱিক ক্ষমতাসম্পন্ন চাবমেৰিন নিয়োগ কৰাৰ কথা ঘোষণা কৰাৰ কিছু ঘণ্টাৰ ভিতৰতে পুটিনৰ পৰা এই বাৰ্তা আহিছিল। ইউক্ৰেইনৰ যুদ্ধবিৰতিক লৈ ৱাশ্বিংটন আৰু মস্কোৰ মাজত উত্তেজনাৰ মাজতে এই খবৰে নিশ্চিতভাৱে আন্তঃৰাষ্ট্ৰীয় সমাজত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই চুক্তি বাতিলৰ অৰ্থ হল ৰাছিয়াই বাধাহীনভাৱে পাৰমাণৱিক অস্ত্ৰ উৎপাদন কৰিবলৈ সক্ষম হব।

উল্লেখ্য যে, ২০০০ চনত আমেৰিকা আৰু ৰাছিয়াৰ মাজত প্ৰথম প্লুটনিয়াম চুক্তি স্বাক্ষৰিত হৈছিল। দুহেজাৰ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ কাৰ্যকালত স্বাক্ষৰিত এই সংশোধিত চুক্তিখন আছিল আমেৰিকা-ৰাছিয়াৰ পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ এক গুৰুত্বপূৰ্ণ অধ্যায়। ৰাছিয়াৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি সোমবাৰে পুটিনে ১৫ বছৰীয়া প্লুটনিয়াম নিষ্কাশন আৰু সংৰক্ষণৰ চুক্তি বাতিল কৰাৰ নিৰ্দেশ দিছিল।

মন কৰিবলগীয়া যে আমেৰিকাত প্ৰায় ৯০ টন অস্ত্ৰ গ্ৰেডৰ প্লুটনিয়াম আছে। ৰাছিয়াৰ হাতত আছে ১২৮ টন। এই সন্দৰ্ভত দুয়োখন দেশৰ মাজত এক চুক্তি হয়। শেহতীয়াকৈ ইউক্ৰেইনৰ যুদ্ধ আৰু গাজাৰ পৰিস্থিতিক লৈ দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। ইয়াৰ মাজতে পুটিনৰ এই সিদ্ধান্ত। চুক্তিখনৰ চৰ্ত অনুসৰি আমেৰিকাই ঘোষণা কৰিছিল যে তেওঁলোকে ৬০ টন প্লুটনিয়াম অতিৰিক্তব্যৱহাৰ কৰিছে। ইয়াৰে ৰাছিয়াই ৫০ টন কৰিছিল। দুয়োপক্ষই সহমতত উপনীত হৈছিল যে তেওঁলোকে মজুত ৩৪ টন প্লুটনিয়াম পৰ্যায়ক্ৰমে ধ্বংস কৰিবকিন্তু এইবাৰ পুটিনে সেই প্ৰক্ৰিয়াটোৰ ওপৰত পানী ঢালি দিলে।

যোৱা সপ্তাহত পুটিনৰ সৈতে হোৱা শান্তি বৈঠকখন সময়ৰ অপচয় বুলি কৈ বাতিল কৰিছিল ট্ৰাম্পে। একে সময়তে তেওঁ কয় যে যদিহে ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে ইউক্ৰেইনত যুদ্ধবিৰতি চুক্তিৰ ওপৰত সহমতৰ বাৰ্তা নিদিয়ে তেন্তে এই বৈঠক অৰ্থহীন। ইয়াৰ পাছত ৰাছিয়াই দেওবাৰে পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিব পৰা বুৰেভেষ্টনিক ক্ৰুজ মিছাইলৰ সফলতাৰে পৰীক্ষা কৰে। মস্কোৰ প্ৰতিৰক্ষা বিভাগে ১৪ হাজাৰ কিলোমিটাৰ যাত্ৰা কৰা বুলি জানিবলৈ দিয়ে। ট্ৰাম্পক এই বিষয়ে সোধাত তেওঁ কয় যে, ‘আমাৰ ইমান দূৰ যাত্ৰা কৰাৰ প্ৰয়োজন নাই। ৰাছিয়াৰ উপকূলৰ ঠিক ওচৰতে আমাৰ হাতত পাৰমাণৱিক ক্ষমতাসম্পন্ন চাবমেৰিন আছে।’ ট্ৰাম্পৰ মন্তব্যৰ পিছতে পুটিনে এই চুক্তি বাতিল কৰে।