NORTHEAST NOW (Assamese)
ত্ৰিপুৰা

বানে সংহাৰী ৰূপ ধাৰণ কৰিছে ত্ৰিপুৰাত; এতিয়ালৈ প্ৰাণ গ’ল ৪ জন লোকৰ

Posted by: পান্না ঘোষ June 15, 2018 9:43 am
tripura-flood-new-570x320

বানে সংহাৰী ৰূপ ধাৰণ কৰিছে ত্ৰিপুৰাৰ উনাকটি জিলাৰ কৈলাচহৰত। নেৰা নেপেৰা বৰষুণৰ ফলত দিও নদী আৰু মনু নদীৰ বাঢ়নী পানীয়ে নিমিষতে কৈলাচহৰ নগৰৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চল সমূহ বুৰাই পেলায়। যাৰ ফলত সমগ্ৰ জিলাখনতে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়।

বানে ভয়ংকৰ ৰূপ ধাৰণ কৰাত সেনা জোৱানসকলে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান চলাই বানাক্ৰান্ত লোকসকলক নিৰাপদ স্থানলৈ প্ৰেৰণ কৰে।

আনহাতে প্ৰশাসনৰ ফালৰ পৰা এতিয়ালৈকে ২০ হেজাৰৰো অধিক বানাক্ৰান্ত লোকক নিজ নিজ ঘৰৰ পৰা উদ্ধাৰ কৰি বিভিন্ন অস্থায়ী বান শিবিৰত সংস্থাপন দিয়া হৈছে বুলি জনায়।

উল্লেখ্য যে বিগত দুটা দিনত বান গৰাখহনীয়াত উত্তৰ-পূবৰ ৰাজ্য ত্ৰিপুৰা আৰু মণিপুৰত ৬ জন লোকে অকাল মত্যুক সাৱটি ল’বলগীয়া হৈছে। ইয়াৰে ৪ জন ত্ৰিপুৰাত আৰু দুজন মণিপুৰত।

tripura-flood-new-1-1-300x189

ইফালে কৈলাচহৰৰ লগতে কাষৰীয়া বানাক্ৰান্ত অঞ্চলসমূহৰ লোকসকলক এনডিআৰএফ, ৰেড ক্ৰ’ছ, টিএছআৰ জোৱান, আছাম ৰাইফলছে সকলো প্ৰকাৰৰে সহায়-সহযোগিতা আগবঢ়োৱা বুলি জানিব পৰা গৈছে।

এই প্ৰলংয়কাৰী বানে ত্ৰিপুৰাৰ বিভিন্ন অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথৰ ব্যাপক ৰূপত ক্ষতিসাধন কৰে। বৰষুণৰ ফলত হঠাতে বৃদ্ধি পোৱা মনু আৰু দিও নদীৰ পানীয়ে ইতিমধ্যে তিনিটা ডেম সম্পূৰ্ণৰূপে ক্ষতিসাধন কৰাৰ লগতে এটা ডেম যিকোনো মূহুৰ্ততে ভাঙি পৰাৰ সম্ভাৱনাই গা কৰি উঠিছে।