NORTHEAST NOW (Assamese)
অসম

জনজাতিকৰণৰ বাবে ৪০ বছৰ: জুৱেল ওৰামৰ বক্তব্যৰ বিৰুদ্ধে দুধনৈ- সোণাৰিত প্ৰতিবাদ

Posted by: এন ই নাও নিউজ June 15, 2018 2:42 pm
গোবালপাৰা

ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগক লৈ দোদুল্যমান পৰিস্থিতি অব্যাহত থকাৰ মাজতে কালি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে জনজাতিকৰণৰ বাবে ৪০ বছৰৰ প্ৰয়োজন বুলি কৰা মন্তব্যক লৈ জুই জ্বলিছে ভিন্ন স্থানত।

আজি কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামৰ মন্তব্যৰ বিৰুদ্ধে গোৱালপাৰাৰ দুধনৈত আক্ৰাছুই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদকাৰী সকলে টায়াৰ জ্বলাই বিভিন্ন শ্ল’গান দিয়াৰ লগতে আৰক্ষীৰ সৈতে খণ্ডযুদ্ধতো লিপ্ত হয়।

সোণাৰি
কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামৰ প্ৰতিকৃতি দাহেৰে ভজো চাৰিআলিত টাই আহোম যুৱ পৰিষদৰ প্ৰতিবাদ

একেদৰে সোণাৰিৰ ভজো চাৰিআলিত টাই আহোম যুৱ পৰিষদৰ সদস্য সকলে প্ৰতিবাদ সাব্যস্ত কৰে।সংগঠনটোৰ সদস্য সকলে কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামৰ প্ৰতিকৃতি দাহ কৰি উত্তাল কৰি তোলে অঞ্চলটো।

উল্লেখযোগ্য যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণক স্বীকৃতি প্ৰদান কৰিবলৈ গৈ বিজেপি চৰকাৰখন কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বুলি কালি মন্তব্য কৰিছিল কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জুৱেল ওৰামে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছিল যে এয়া এক উমৈহতীয়া সিদ্ধান্তৰ বিষয়। মাত্ৰ এটা নহয়, চাৰিটাকৈ সংস্থা এই প্ৰক্ৰিয়াৰে জড়িত। আনকি ৰাজ্য চৰকাৰৰো মতামত এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ। অৱশ্যে জনজাতিৰ স্বীকৃতি প্ৰদান বিষয়টো সন্দৰ্ভত পদক্ষেপ গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে সদৰী কৰিছিল।

তাৰ পাছত ৰাজ্যত আজি অব্যাহত থকা প্ৰতিবাদ যথেষ্ঠ গুৰুত্বপূৰ্ণ। উল্লেখ্যোগ্য যে অসমৰ কোচ-ৰাজবংশী, মৰাণ, মটক, টাই আহোম, চুতীয়া আৰু আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ বাবে ২০১৬ চনৰ ২৯ ফেব্ৰুৱাৰীত এখন উচ্চস্তৰীয় কমিটী গঠন কৰা হৈছিল। কিন্তু বিভিন্ন কাৰণত কমিটীৰ প্ৰতিবেদন জমা দিয়াৰ দিন বহুবাৰ সলনি কৰিবলগীয়া হৈছিল আৰু শেহতীয়াকৈ ২০১৭ চনৰ ৩০ জুন নিৰ্দ্ধাৰণ কৰিছিল যদিও এতিয়ালৈকে প্ৰতিবেদনখন জমা দিয়া নাই।