NORTHEAST NOW (Assamese)
Popular Stories

হাতীৰ দ্বাৰা নগাঁও জিলাৰ ৰূপহীহাটত বন বিভাগৰ বৃহৎ উচ্ছেদ অভিযান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 21, 2026 3:49 pm

নগাঁও জিলাৰ ৰূপহীহাটত থকা লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ ভূমি বেদখলমুক্ত কৰিবলৈ শেহতীয়াকৈ বন বিভাগে এক ব্যাপক উচ্ছেদ অভিযান চলাইছে। অভয়াৰণ্যখনৰ পূব প্ৰান্তত থকা চৰকাৰী ভূমিত দীৰ্ঘদিন ধৰি চলি থকা বৃহৎ পৰিসৰৰ অবৈধ খেতি ধ্বংস কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে হাজাৰ হাজাৰ একৰ চৰকাৰী মাটি একাংশ লোকে অবৈধভাৱে দখল কৰি নাঙল আৰু আধুনিক সাৰ ব্যৱহাৰ কৰি তাত কৃষিকাৰ্য চলাই আছিল।

এই অভিযানৰ সময়ত বন বিভাগে অত্যন্ত কঠোৰ স্থিতি গ্ৰহণ কৰা দেখা গৈছে। অভয়াৰণ্যৰ মাটিত অবৈধভাৱে গঢ়ি তোলা বিশাল ধাননি পথাৰসমূহ ধ্বংস কৰিবলৈ বিভাগীয় তৰফৰ পৰা হাতী নিয়োগ কৰা হয়। হাতীৰ জৰিয়তে পথাৰসমূহ মোহাৰি পেলোৱাৰ লগতে বনকৰ্মী আৰু শ্ৰমিকসকলে হাতে কামে লাগি সম্পূৰ্ণ এলেকাটো পৰিষ্কাৰ কৰি পেলায়। এই কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ইফালে এই সমগ্ৰ ঘটনাক লৈ স্থানীয় ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অভিযোগ উঠিছে যে দীৰ্ঘদিন ধৰি বন বিভাগৰ চকুৰ আগতেই এই অবৈধ কাৰ্যকলাপসমূহ চলি আছিল যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই ইয়াক আওকাণ কৰি আহিছিল। আনকি শিঙিমাৰী সংমণ্ডলৰ বন বিষয়াৰ কাৰ্যালয়ৰ নিচেই ওচৰতে থকা অভয়াৰণ্যৰ জলভাগত পথাৰ জ্বলাই দিয়া, অবৈধ মাছ ধৰা আৰু খেতি কৰাৰ দৰে ঘটনা সংঘটিত হৈছিল যদিও বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল বুলি একাংশই ক্ষোভ প্ৰকাশ কৰিছে।