NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলৰ লংডিঙত পেচাব কৰিবলৈ বুলি ঘৰত সোমাই শিশুক ‘যৌন নিৰ্য্যাতন’ সেনা জোৱানৰ, অভিযুক্তক আটক

Posted by: মানস প্ৰতিম গগৈ June 23, 2018 8:55 pm

দহ বছৰীয়া কন্যা শিশু এটিক যৌন নিৰ্য্যাতন চলাৱাৰ অভিযোগত অৰুণাচল প্ৰদেশৰ লংডিঙত আৰক্ষীয়ে সেনাবাহিনীৰ এজন জোৱানক গ্ৰেপ্তাৰ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

অভিযোগ মতে লংডিং জিলাৰ পাউচাউ চক্ৰত শিবিৰ পাতি থকা সেনাৰ ১৯নং শিখ ৰেজিমেণ্টৰ গুৰলাল সিং নামৰ জোৱানজনে যোৱা ২১ জুনত বনিয়া ভিলেজৰ এগৰাকী মহিলাৰ বাসগৃহত পেচাব কৰিবলৈ বুলি প্ৰৱেশ কৰে। মাক ওচৰ-চুবুৰীয়াৰ ঘৰলৈ যোৱাত সেইসময়ত ঘৰত অকলে থকা দহ বছৰীয়া কন্যাগৰাকীক সেনা জোৱানজনে যৌন নিৰ্য্যাতনৰ চেষ্টা চলায়৷

ছোৱালীজনীয়ে কথমপি সেনা জোৱানজনৰ কবলৰ পৰা মুক্ত হৈ দৌৰি গৈ মাকক সবিশেষ বিৱৰি কয়৷

শিশুটিৰ পৰিয়ালে লংডিং থানাত সেনা জোৱানজনৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ পিছত লংডিং থানাই কালি সেনা জোৱানজনক গ্ৰেপ্তাৰ কৰে৷

সেনা জোৱানজনক কঠোৰ শাস্তিৰ দাবীত বিক্ষুব্ধ শ শ ৰাইজ ওলাই আহে যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।