NORTHEAST NOW (Assamese)
অসম

হিমাই ভংগ কৰিব ৰাষ্ট্ৰীয় অভিলেখ? : কাইলৈৰ পৰা গুৱাহাটীত ইণ্টাৰ-ষ্টেইট ছিনিয়ৰ এথলেটিকছ

Posted by: অনিৰ্বাণ পাঠক June 25, 2018 7:12 pm

কাইলৈ, অৰ্থাৎ ২৬ জুনৰ পৰা চাৰিদিনীয়াকৈ গুৱাহাটীৰ সৰুসজাইস্থিত ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৫৮সংখ্যক নেশ্যনেল ইন্টাৰ-ষ্টেইট ছিনিয়’ৰ এথলেটিকছ চেম্পিয়নশ্বিপ-২০১৮।

দেশৰ নৱতম ক্ৰীড়া চাঞ্চল্য তথা নতুন ট্ৰেক-ৰাণী অসমৰ হিমা দাসে নিজৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰি ২০০ মিটাৰ আৰু ৪০০ মিটাৰ দৌৰত প্ৰতিদ্বন্দ্বিতা কৰিব। প্ৰতিযোগিতাখনত ২০০ আৰু ৪০০ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰাৰ ডাঙৰ সুযোগ আছে হিমা দাসৰ হাতত।

উল্লেখযোগ্য যে বৰ্তমান এই দুয়োটা ইভেণ্টৰ ৰাষ্ট্ৰীয় অভিলেখৰ নিচেই কাষতে আছে সীমাৰ ব্যক্তিগত শ্ৰেষ্ঠ মান। অলপতে অষ্ট্ৰেলিয়াৰ গ’ল্ড ক’ষ্টত সমাপ্ত হোৱা কমনৱেলথ গেইমছত ৪০০ মিটাৰ ইভেণ্টত হিমাই দৌৰিছিল ৫১.৩২ ছেকেণ্ডত আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত ষষ্ঠ স্থানত ৰৈছিল। হিমাৰ এই সময় মান ৰাষ্ট্ৰীয় অভিলেখ (৫১.০৫)তকৈ মাত্ৰ পইণ্ট কেইছেকেণ্ড মানৰহে বেছি। বৰ্তমান এই অভিলেখ আছে মনজিৎ কৌৰৰ নামত।

আনহাতে ২০০ মিটাৰত হিমাৰ ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শন হ’ল ২৩.৩৪ ছেকেণ্ড, যিটো ৰাষ্ট্ৰীয় অভিলেখ হ’ল ২২.৮২। এইটো অভিলেখ আছে পশ্চিম বংগৰ সৰস্বতী সাহাৰ নামত।

গতিকে নিজৰ দুয়োটা প্ৰিয় ইভেণ্টতে হিমাই ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰাৰ সুযোগ পাব।

মন কৰিব লগীয়া যে এই দুয়োটা অভিলেখৰ অধিকাৰী খেলুৱৈ দুগৰাকীয়ে বৰ্তমান খেলৰ পৰা অৱসৰ লৈছে। গতিকে দেশে এই প্ৰতিযোগিতাখনতে এটা নতুন অভিলেখ উপহাৰ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

কাইলৈৰ পৰা গুৱাহাটীত হ’ব লগীয়া নেশ্যনেল ইন্টাৰ-ষ্টেইট ছিনিয়’ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ আগে আগে দেশৰ অতীত আৰু বৰ্তমানৰ দুই ট্ৰেক ৰাণী পি টি উষা আৰু হিমা দাসক অন্তৰংগ মুহূৰ্তত দেখা গৈছে। ফটো : য়ু বি।

আয়োজক সমিতিয়ে আজি সৰুসজাইত এখন সংবাদমেল দি জনাইছে যে ২৯ জুনলৈ চলিব লগীয়া এই প্ৰতিযোগিতাৰ বাবে আয়োজক সমিতি আৰু অসম এথলেটিকছ এছ’চিয়েশ্যনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। সংবাদমেলত আয়োজক সমিতিৰ অধ্যক্ষ লক্ষ্য কোঁৱৰে জানিবলৈ দিয়ামতে এই প্ৰতিযোগিতাৰ বিভিন্ন খেলত অংশগ্ৰহণৰ বাবে দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰায় ৮০০ খেলুৱৈ ইতিমধ্যে আহি গুৱাহাটীত উপস্থিত হৈছেহি। ইয়াৰ উপৰি আৰু ভালেসংখ্যক খেলুৱৈ আহি থকা বুলি তেওঁ জানিবলৈ দিয়ে। লগতে শতাধিক কাৰিকৰী বিষয়াও গুৱাহাটীত উপস্থিত হোৱা বুলি কোঁৱৰে জানিবলৈ দিয়ে।

প্ৰতিযোগিতাখনত পুৰুষ-মহিলা, উভয় শাখাতে মুঠ ৪২টা ইভেণ্ট অনুষ্ঠিত হ’ব। পুৰুষ আৰু মহিলাৰ শাখাত উভয়তে ২১টাকৈ ইভেণ্ট অনুষ্ঠিত হ’ব। গৰমৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিদিনে পুৱা ৬ বজাৰ পৰা ৯.৩০ বজালৈ আৰু সন্ধিয়া ৫.৩০ বজাৰ পৰা ৯.৪৫ বজালৈ খেলসমূহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে আয়োজক কৰ্তৃপক্ষই।

উল্লেখযোগ্য যে এই চেম্পিয়নশ্বিপৰ পৰাই জাকাৰ্টাত অনুষ্ঠিত হ’ব লগীয়া এছিয়ান গেইমছৰ বাবে খেলুৱৈ নিৰ্বাচন কৰা হ’ব। অসমৰ দলটোত হিমাকে ধৰি মুঠ ১৫জন খেলুৱৈ আছে।

আজিৰ সংবাদমেলখনত ৫৮সংখ্যক নেশ্যনেল ইণ্টাৰ-ষ্টেইট ছিনিয়’ৰ এথলেটিকছ চেস্পিয়নশ্বিপ, ২০১৮ৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে নতুন ট্ৰেক কুইন অসমৰ হিমা দাসো উপস্থিত আছিল।