NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ যোগনীয়া আটি গাঁৱত শোকাবহ পথ দুৰ্ঘটনা; ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল শিশুৰ

Posted by: উত্তম শইকীয়া June 27, 2018 6:01 pm

বোকাখাত মহকুমাৰ যোগনীয়া আটি গাঁৱত আজি বিয়লি এক শোকাবহ পথ দুৰ্ঘটনা সংঘৰ্টিত হয়। পথ দুৰ্ঘটনাটোত এখন  ডাম্পাৰৰ খুন্দাত এটি শিশুৰ মৃত্যু হ’বলগীয়া হয়।

দুৰ্ঘটনাটোত নিহত শিশুটিক যোগনীয়া আঁটি গাঁৱৰ ভজে চুব্বাৰ ১০ বছৰীয়া পুত্ৰ সন্তান অৰ্ণৱ চুব্বা বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে, অৰ্ণৱে পথৰ কাষেদি চাইকেল চলাই গৈ থকা অৱস্থাত এ এছ ০৩ চি ৭১৩৮  নম্বৰৰ ডাম্পাৰখনে মহতিয়াই নিয়াত তেওঁৰ থিতাতে মৃত্যু হয়। নিহত অৰ্ণৱ সপ্তম শ্ৰেনীৰ ছাত্ৰ আছিল বুলি জানিব পৰা গৈছে।

আনহাতে ঘটনাৰ পিছতেই স্থানীয় লোকে ডাম্পাৰখন কৰায়ত্ত কৰে যদিও ডাম্পাৰৰ চালক পলায় যাবলৈ সক্ষম হয়।

উক্ত দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি স্থানীয় লোকসকল উত্তেজিত হৈ পৰাত পৰিস্থিতি নিয়ন্ত্ৰনৰ বাবে ঘটনাস্থলীলৈ বোকাখাতৰ আৰক্ষী ৰাওনা হয়।