ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ভাৰতৰ শিক্ষা ব্যৱস্থাৰ বিসংগতি, বিশেষকৈ ২০২৬ চনৰ নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাক লৈ আৰম্ভ হোৱা প্ৰতিবাদ অতি সোনকালেই এক আন্তৰ্জাতিক খবৰ হৈ পৰিছিল। দিল্লীৰ ৰাজপথত আৰক্ষীৰ লাঠীচালনা, কন্দুৱা গেছ, মমবাতি সমদল আৰু হাজাৰ হাজাৰ যুৱ প্ৰতিবাদকাৰীৰ ছবি সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমত বিয়পি পৰিছিল। ককৰোচ জনতা পাৰ্টী চমুকৈ চিজেপিৰ এই আন্দোলন ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ লগে লগে আন্তৰ্জাতিক সংবাদ মাধ্যমে ইয়াক ভাৰতৰ চৰকাৰ, যুৱপ্ৰজন্মৰ আশা-আকাংক্ষা আৰু ৰাজনৈতিক দায়বদ্ধতাৰ এক ডাঙৰ কাহিনী হিচাপে প্ৰচাৰ কৰিছিল। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগে এই চৰ্চা অধিক তীব্ৰতৰ কৰি তুলিছিল। সংবাদ মাধ্যমসমূহে ইয়াক বিজেপি নেতৃত্বাধীন চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক ঘটনা হিচাপে গণ্য কৰিছে।
বিশ্বৰ কেইবাটাও আগশাৰীৰ সংবাদ সংস্থাই এই প্ৰতিবাদৰ বিষয়ে বেলেগ বেলেগ ধৰণে বাতৰি প্ৰকাশ কৰিছে। ৰয়টাৰ্ছে এই প্ৰতিবাদ আৰু শিক্ষামন্ত্ৰীৰ পদত্যাগক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালৰ বাবে এক ডাঙৰ ৰাজনৈতিক প্ৰত্যাহ্বান বুলি বৰ্ণনা কৰিছে। ৰাজহুৱা হেঁচাত সহজে সেও নমনা বুলি পৰিচিত প্ৰধানমন্ত্ৰী মোদীৰ চৰকাৰৰ এই পদত্যাগৰ সিদ্ধান্তক তেওঁলোকে এক আচৰিত ঘটনা বুলি উল্লেখ কৰিছে। আনহাতে, চিএনএনে ইয়াক মোদী চৰকাৰৰ বাবে এক বিৰল প্ৰত্যাহ্বান বুলি কৈছে। তেওঁলোকে এই প্ৰতিবাদক কেৱল পৰীক্ষাৰ খেলিমেলিৰ মাজতে আৱদ্ধ নাৰাখি দেশৰ নিবনুৱা সমস্যা আৰু অৰ্থনৈতিক অনিশ্চয়তাৰ দৰে গভীৰ বিষয়ৰ সৈতে সংযোগ কৰিছে।
বিবিচিয়ে চিজেপিৰ এই আন্দোলনক সাম্প্ৰতিক সময়ৰ ভাৰতৰ অন্যতম বৃহৎ ছাত্ৰ আন্দোলন বুলি অভিহিত কৰিছে। সত্তৰৰ দশকৰ নৱ নিৰ্মাণ আন্দোলনৰ সৈতে ইয়াক তুলনা কৰি বিবিচিয়ে প্ৰশ্ন কৰিছে যে এই ক্ষোভ এক দীৰ্ঘম্যাদী ৰাজনৈতিক আন্দোলনলৈ ৰূপান্তৰিত হ’ব পাৰিবনে নাই। ইফালে, দ্য গাৰ্ডিয়ান কাকতে ৰাজনৈতিক দিশতকৈ ভাৰতীয় তাৰকাসকলৰ নীৰৱতাৰ ওপৰত বেছি গুৰুত্ব দিছে। বিশ্বৰ বিভিন্ন অঘটনৰ ওপৰত মাত মতা চেলিব্ৰিটিসকলে নিজৰ দেশৰ ছাত্ৰ-ছাত্ৰীসকলে লাঠী আৰু কন্দুৱা গেছৰ সন্মুখীন হওঁতেও নীৰৱ হৈ থকা কাৰ্যক লৈ প্ৰতিবাদকাৰীৰ ক্ষোভৰ কথা কাকতখনত প্ৰকাশ পাইছে।
আল জাজিৰাই এই প্ৰতিবাদক শেহতীয়া বছৰবোৰত মোদী চৰকাৰৰ বিৰুদ্ধে হোৱা আটাইতকৈ দৃশ্যমান জনতাৰ ক্ষোভ বুলি বৰ্ণনা কৰিছে। তেওঁলোকে প্ৰকাশ কৰিছে যে চৰকাৰ আৰু নতুন প্ৰজন্মৰ মাজত বাঢ়ি অহা দূৰত্বই প্ৰশাসনক বিপদত পেলাইছে। একেদৰে, চাউথ চাইনা মৰ্ণিং পোষ্টে লিখিছে যে এই আন্দোলন কেৱল বিশ্ববিদ্যালয়ৰ চৌহদতে আৱদ্ধ নাথাকি বিৰোধী দল আৰু নাগৰিক সমাজৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে, যিয়ে চাকৰিৰ অভাৱ আৰু দুৰ্নীতিক লৈ জনসাধাৰণৰ ক্ষোভ প্ৰতিফলিত কৰে। সামগ্ৰিকভাৱে, প্ৰতিটো সংবাদ মাধ্যমে বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত বেলেগ বেলেগ দিশত গুৰুত্ব দিলেও, সকলোৱে এই প্ৰতিবাদৰ বিশালতা আৰু গুৰুত্ব স্বীকাৰ কৰিছে। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ সময়লৈকে এই আন্দোলন কেৱল পৰীক্ষাৰ বিসংগতিৰ মাজত আৱদ্ধ নাথাকি সুযোগ, প্ৰশাসন আৰু ভৱিষ্যতক লৈ যুৱপ্ৰজন্মৰ এক বিশাল ক্ষোভৰ প্ৰকাশ হিচাপে পৰিগণিত হৈছে।