অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত মঙলবাৰে ‘গুৱাহাটী চেটেলাইট চিটী ডেভেলপমেণ্ট অথৰিটি বিধেয়ক, ২০২৬’কে ধৰি মুঠ ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত কৰা হয়। সদনৰ মজিয়াত চেটেলাইট চিটী বিধেয়কখনৰ প্ৰশাসনীয় গাঁথনি, ক্ষতিগ্ৰস্ত পৰিয়ালৰ পুনৰ্সংস্থাপন আৰু কৰ্মসংস্থাপনৰ সম্ভাৱনাক লৈ এক দীঘলীয়া আলোচনা অনুষ্ঠিত হয়। ইয়াৰ সমান্তৰালকৈ সদনত খোৱাপানী যোগানৰ স্থিতি, ভূমিৰ অধিকাৰ, চাইবাৰ অপৰাধ আৰু অংগনৱাড়ী কেন্দ্ৰৰ আন্তঃগাঁথনিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়তো বিতংভাৱে পৰ্যালোচনা কৰা হয়।
গৃহীত হোৱা অন্যান্য বিধেয়কসমূহৰ ভিতৰত আছে অসম পৰ্যটন উন্নয়ন আৰু পঞ্জীয়ন (সংশোধনী) বিধেয়ক, অসম ক্ষুদ্ৰ, মজলীয়া আৰু সুক্ষ্ম উদ্যোগ সুবিধা (স্থাপন আৰু পৰিচালনা) বিধেয়ক, অসম জন বিশ্বাস (ব্যৱস্থাৱলীৰ সংশোধনী) বিধেয়ক, অসম ইজ অব ডুয়িং বিজনেছ (সংশোধনী) বিধেয়ক আৰু অসম ৰাজ্যিক বিধায়িনী দলৰ সদস্য অপসাৰণ আৰু অযোগ্যতা (সংশোধনী) বিধেয়ক, ২০২৬। ইয়াৰ পূৰ্বে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে ‘অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ বিধেয়ক, ২০২৬’ সদনত উত্থাপন কৰে।
গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে উত্থাপন কৰা চেটেলাইট চিটী বিধেয়কখনক লৈ সদনত সৰ্বাধিক সময় ধৰি বিতৰ্ক অনুষ্ঠিত হয়। বিৰোধী সদস্যসকলে প্ৰস্তাৱিত কৰ্তৃপক্ষত মুখ্যমন্ত্ৰীৰ উপৰিও চেটেলাইট চিটীৰ অধীনত থকা সমষ্টিসমূহৰ বিধায়ক, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ আৰু দুয়োখন জিলা পৰিষদৰ সভাপতিক অন্তৰ্ভুক্ত কৰাৰ দাবী জনায়। চৰকাৰে পুনৰ্সংস্থাপন আৰু ক্ষতিপূৰণ সম্পৰ্কীয় পৰামৰ্শসমূহ গ্ৰহণ কৰে যদিও স্থানীয় বিধায়কক কৰ্তৃপক্ষৰ স্থায়ী সদস্য কৰাৰ প্ৰস্তাৱ নাকচ কৰে। এই সন্দৰ্ভত উত্তৰ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বৰ্তমান নিৰ্ধাৰিত অঞ্চলটো মূলতঃ তেওঁৰ নিজা সমষ্টি জালুকবাৰীৰ অন্তৰ্গত আৰু সেয়েহে বিধেয়কখনত আন কোনো বিধায়কৰ নাম উল্লেখ কৰা হোৱা নাই। পৰৱৰ্তী সময়ত চেটেলাইট চিটীৰ সম্প্ৰসাৰণৰ লগে লগে আন সমষ্টিসমূহ ইয়াৰ অন্তৰ্ভুক্ত হ’লে সংশ্লিষ্ট বিধায়কসকলক চৰকাৰে মনোনীত কৰিব পাৰিব বুলি তেওঁ প্ৰকাশ কৰে।
কৰ্মসংস্থাপনৰ বিষয়টো স্পষ্ট কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চেটেলাইট চিটীয়ে পোনপটীয়াকৈ চাকৰিৰ সৃষ্টি নকৰিলেও ই লাহে লাহে এক অৰ্থনৈতিক কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব। স্বাস্থ্যসেৱা, লজিষ্টিকছ, চৰকাৰী কাৰ্যালয় আৰু অন্যান্য প্ৰতিষ্ঠানৰ বাবে প্ৰায় এশ বিঘা ভূমি আৱণ্টিত কৰাৰ পৰিকল্পনা আছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই প্ৰতিষ্ঠানসমূহ গঢ়ি উঠিলে স্থানীয় লোকসকলে কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব। ইয়াৰ পূৰ্বে মন্ত্ৰী কৌশিক ৰায়ে এই বিধেয়কখনক গুৱাহাটীৰ পৰিকল্পিত নগৰ সম্প্ৰসাৰণ আৰু দীৰ্ঘম্যাদী আন্তঃগাঁথনি উন্নয়নৰ দিশত এক বৃহৎ পদক্ষেপ বুলি অভিহিত কৰে।
সদনত জল জীৱন মিছনৰ ৰূপায়ণক লৈয়ো প্ৰশ্ন উত্থাপন হয়। খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই তেওঁৰ সমষ্টিত সম্পূৰ্ণ হোৱা খোৱাপানী আঁচনিসমূহৰ কাৰ্যকাৰিতাক লৈ প্ৰশ্ন কৰে। তেওঁ অভিযোগ কৰে যে আঁচনিৰ অধীনত পানীৰ সংযোগ লাভ কৰাৰ পাছত বহু পৰিয়ালে টিউবৱেল ব্যৱহাৰ কৰা বন্ধ কৰি দিছিল, কিন্তু এতিয়া পানীৰ যোগান অনিয়মীয়া হোৱাৰ ফলত তেওঁলোকে নিৰ্ভৰযোগ্য পানীৰ উৎসৰ অভাৱত ভুগিছে। ইয়াৰ উত্তৰত গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৃষ্ণেন্দ্ৰ পালে জনায় যে সমষ্টিটোৰ বাবে ২৫১ খন আঁচনিৰ অনুমোদন জনোৱা হৈছিল, যাৰ ভিতৰত ২০৯ খন সম্পূৰ্ণ হৈছে আৰু ১৯১ খন বৰ্তমান কাৰ্যক্ষম অৱস্থাত আছে। পথ নিৰ্মাণৰ সময়ত পাইপলাইনৰ ক্ষতি আৰু বিদ্যুৎ যোগানৰ সমস্যাৰ বাবে একাংশ প্ৰকল্প অচল হৈ আছে বুলি তেওঁ সদনক অৱগত কৰাৰ লগতে বিধায়কগৰাকীক পৰীক্ষণৰ বাবে সম্পূৰ্ণ তালিকা প্ৰদান কৰাৰ আশ্বাস দিয়ে।
অংগনৱাড়ী কেন্দ্ৰৰ আন্তঃগাঁথনি সম্পৰ্কত ৰূপহীহাটৰ কংগ্ৰেছ বিধায়ক নুৰুল হুদাই প্ৰশ্ন উত্থাপন কৰাত মন্ত্ৰী পীযুষ হাজৰিকাই জনায় যে যোৱা বছৰ প্ৰায় দহ হাজাৰ কেন্দ্ৰ উন্নীত কৰা হৈছে আৰু দহৰ পৰা পোন্ধৰ হাজাৰ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ গঢ়ি তোলাৰ পৰিকল্পনা আছে। আনহাতে, বিজেপি বিধায়ক চক্ৰধৰ গগৈয়ে চৰণীয়া আৰু বনভূমিত বসবাস কৰা খিলঞ্জীয়া অনুসূচিত জাতিৰ পৰিয়ালক মাটিৰ পট্টা প্ৰদানৰ দাবী জনোৱাত মন্ত্ৰী হাজৰিকাই জনায় যে পঁচত্তৰ বছৰতকৈ অধিক সময় একেৰাহে বনভূমিত বাস কৰা খিলঞ্জীয়া পৰিয়ালক গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ আৰু প্ৰচলিত নিয়মৰ ভিত্তিত ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে বিবেচনা কৰিব পৰা যাব। ইয়াৰ লগতে চাইবাৰ অপৰাধৰ বিষয়টো উত্থাপন হোৱাত মন্ত্ৰীগৰাকীয়ে লহৰীঘাটকে ধৰি ৰাজ্যত আৰক্ষীৰ অভিযান অধিক কটকটীয়া কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে।
অসম বিধানসভাত কণী, মাছ আৰু গাখীৰৰ আমদানিৰ ওপৰত ৰাজ্যখনৰ নিৰ্ভৰশীলতাৰ বিষয়টোক লৈয়ো আলোচনা কৰা হয়। কংগ্ৰেছ বিধায়ক আব্দুৰ ৰহিম আহমেদে ঘৰুৱা উৎপাদন বৃদ্ধিৰ বাবে পশুপালন আৰু মীন পালনত অধিক বিনিয়োগৰ দাবী জনায়। ইয়াৰ উত্তৰত পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী নীলিমা দেৱীয়ে সদনক অৱগত কৰে যে ৰাজ্যখনক ক্ৰমান্বয়ে এই ক্ষেত্ৰত স্বাৱলম্বী কৰি তুলিবলৈ চৰকাৰে ইতিমধ্যে পশুপালন আৰু মীন পালনৰ সম্প্ৰসাৰণৰ বাবে একাধিক গুৰুত্বপূৰ্ণ আঁচনি ৰূপায়ণ কৰি আছে।