NORTHEAST NOW (Assamese)
Popular Stories

ৰাছিয়াত প্ৰথম কেন্সাৰ ভেকচিনৰ সফল প্ৰয়োগ; সমগ্ৰ বিশ্বই দেখিছে আশাৰ পোহৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 1, 2026 8:07 am
ৰাছিয়াত প্ৰথম কেন্সাৰ ভেকচিনৰ সফল প্ৰয়োগ; সমগ্ৰ বিশ্বই দেখিছে আশাৰ পোহৰ

সমগ্ৰ বিশ্বৰ আতংক কৰ্কট ৰোগ এতিয়া নিৰ্মূলৰ পথত! সেই সম্ভাৱনাৰ ওপৰতে নিশ্চয়তা প্ৰদান কৰি মানৱ শৰীৰত প্ৰথমটো কেন্সাৰ ভেকচিন প্ৰয়োগ কৰা হৈছে। তাৰ গৱেষকসকলে দাবী কৰিছে যে ৰাছিয়াত নিৰ্মিত মেলানোমা (ছালৰ কৰ্কট ৰোগ)ৰ চিকিৎসাত এই ভেকচিনৰ প্ৰাৰম্ভিক ফলাফল অতি আশাব্যঞ্জক। টিকাকৰণ কৰা ৰোগীজন সুস্থ বুলি দাবী কৰা হৈছে। লগতে কেন্সাৰৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰয়োজনীয় প্ৰতিৰোধ ক্ষমতা তেওঁৰ শৰীৰত গঢ় লৈ উঠিছে।

কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজত এই উদ্ভাৱনীমূলক ভেকচিন প্ৰস্তুত কৰা কোম্পানীটো হৈছে ‘গামালেয়া ৰিচাৰ্ছ ইনষ্টিটিউট’। সংস্থাটোৰ বৈজ্ঞানিক দলৰ মুৰব্বী আলেকজেণ্ডাৰ গিনজবাৰ্গে ৰাছিয়াৰ সংবাদ মাধ্যমৰ আগত কয় যে যিজন ৰোগীক এই ভেকচিন দিয়া হৈছিল বৰ্তমান তেওঁ সুস্থ আৰু স্বাভাৱিক। তেওঁৰ শৰীৰত ইতিবাচক প্ৰভাৱ দেখা গৈছে। ৰোগীৰ শৰীৰত এনে সক্ৰিয় উপাদান উৎপন্ন হৈ আছে, যাৰ জৰিয়তে ৰোগীয়ে টিউমাৰ আৰু ইয়াৰ মেটাষ্টেছিছৰ বিৰুদ্ধে যুঁজিব পাৰিব। এই ভেকচিনৰ প্ৰথম প্ৰয়োগৰ পিছত এতিয়ালৈকে সমগ্ৰ পৰিস্থিতি অতি আশাব্যঞ্জক।

উল্লেখ্য যে যোৱা বছৰ ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে দেশীয় পদ্ধতিৰে নিৰ্মিত দুটা কেন্সাৰ চিকিৎসাৰ অনুমোদন জনাইছিল। ইয়াৰে এটা হৈছে উন্নত মেলানোমাৰ বাবে mRNA ভিত্তিক ভেকচিন ‘NeoOncoVac’। আনটো হ’ল কলৰেক্টাল কেন্সাৰ বা পেটৰ কৰ্কট ৰোগৰ বাবে পেপটাইড ভিত্তিক ঔষধ ‘OncoPept’। চলিত বৰ্ষৰ এপ্ৰিল মাহত প্ৰথমবাৰৰ বাবে মানুহক NeoOncoVac প্ৰদান কৰা হৈছিল। ৬০ বছৰীয়া এজন ব্যক্তিক এই ভেকচিন প্ৰদান কৰা হৈছিল।

এই মানুহজন মেলানোমা কেন্সাৰৰ তৃতীয় পৰ্যায়ত আছিল, এই মাৰাত্মক ৰোগটো তেওঁৰ শৰীৰৰ আন অংশলৈ দ্ৰুতগতিত বিয়পি পৰিছিল। বৰ্তমান ৰোগীগৰাকী মস্কোৰ হাৰ্জেন অংক’লজী ৰিচাৰ্চ ইনষ্টিটিউটত চিকিৎসাধীন হৈ আছে। গিনজবাৰ্গে কয় যে ৰোগীজনক এই ভেকচিনৰ আৰু দুটা ড’জ দিয়া হ’ব। গোটেই চিকিৎসা প্ৰক্ৰিয়াটোত তেওঁৰ ৰোগ প্ৰতিৰোধ ক্ষমতা নিৰীক্ষণ কৰা হ’ব। এইজন ৰোগীৰ উপৰিও আৰু ১০ জন ৰোগীৰ বাবে পৃথকে পৃথকে ভেকচিন প্ৰস্তুত কৰা হৈছে। গিনজবাৰ্গে কয় যে অহা ডেৰ মাহৰ পৰা তিনি মাহৰ ভিতৰত সেইবোৰ সাজু হ’ব।