NORTHEAST NOW (Assamese)
অসম

সুধাকণ্ঠৰ স্মৃতিত যাদুঘৰ : ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা

Posted by: লেনিও ক্রিচেনা July 9, 2018 12:23 pm
Bhupenda-memorial-570x320

জালুকবাৰীত অৱস্থিত প্ৰয়াত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ স্মাৰক ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰত কিংবদন্তি শিল্পীগৰাকীৰ সন্মানাৰ্থে এটা যাদুঘৰ নিৰ্মাণৰ কাম চলি আছে।

এই যাদুঘৰটো ২০১৮ৰ ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠাৰ আশা কৰা হৈছে।

‘’যাদুঘৰটোৰ নিৰ্মাণৰ কাম প্ৰায় শেষ হোৱাৰ পথত আৰু ছেপ্টেম্বৰৰ প্ৰথমভাগতে সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে,’’- সমাধিক্ষেত্ৰৰ তত্ত্বাৱধায়ক প্ৰনয় ঠাকুৰীয়াই এই কথা জানিব দিয়ে।

bhupenda-memorial-1-300x225
ফটো : নৰ্থইষ্ট নাও

চাৰি বিঘা মাটিত সামৰি লোৱা সমাধিক্ষেত্ৰটোত শিল্পী গৰাকীৰ ফটো, বঁটাসমূহ আৰু সুধাকণ্ঠ ভূপেন হাজৰিকাৰ চলচ্চিত্ৰ তথা কৰ্মসমূহ প্ৰদৰ্শিত হৈছে।

স্মৃতিসৌধটো ৰাতিপুৱা ৭-৩০ বজাৰ পৰা নিশা ১০ বজালৈকে ৰাইজৰ বাবে মুকলি ৰখা হয় আৰু ই বিনামূলীয়া হোৱাৰ লগতে সকলোৰে বাবে প্ৰৱেশ মুকলি থাকে।

২০১১ চনত কিংবদন্তি শিল্পীগৰাকীৰ মৃত্যু হোৱা দিনৰে পৰা জ্বলি থকা অক্ষয় বন্তিৰ বাবে তেল আৰু চোৱাচিতাৰ দায়িত্ব গ্ৰহণ কৰি আহিছে গড়কপ্তানি বিভাগে।

‘’প্ৰতিদিনে প্ৰায় ২০০ ৰ পৰা ৩০০ দৰ্শকে স্মৃতিসৌধটো পৰিদৰ্শন কৰে। তেওঁলোকে স্মৃতিসৌধটো পৰিদৰ্শন কৰি উদ্যানত জিৰণি লৈ উদ্যানখনৰ স্পীকাৰত বাজি থকা সুধাকণ্ঠৰ গান শুনি মন জুৰায়,’’- ঠাকুৰীয়াই এইদৰে কয়।