NORTHEAST NOW (Assamese)
অসম

দৰঙৰ চৰকাৰী গ্ৰাম্য বিদ্যালয়ত ৩ দিনীয়া ছাত্ৰ সমাৰোহ

Posted by: ময়ূখ গোস্বামী July 11, 2018 9:43 pm
DC, Darrang Ashok Kr Barman , SP, Darrang Sreejith. T , Dr Hiranya Kr Nath and Uttam Teron (from left to right) interacting with the participants

দৰং জিলাৰ গ্ৰাম্য চৰকাৰী বিদ্যালয়ৰ অষ্টম আৰু নৱম মানৰ শিক্ষাৰ্থীসকলৰ মাজত লুকাই থকা সুপ্ত প্ৰতিভাক পোহৰলৈ অনাৰ বাবে এটা ছাত্ৰ সমাৰোহৰ আয়োজন কৰা হৈছে। এই সমাৰোহত ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ সামৰ্থ আৰু পেছা বাচনি কৰাৰ এখন মঞ্চ প্ৰদান কৰাৰ ব্যৱস্থাও কৰা হৈছে। এই সমাৰোহত শিক্ষাৰ্থীসকলে শীৰ্ষস্থানীয় আমোলা, শিক্ষা বিষয়া আৰু নিজৰ নিজৰ ক্ষেত্ৰত বিশেষজ্ঞসকলৰ সৈতে মত বিনিময় কৰাৰ সুযোগ লাভ কৰিব।

দৰং জিলা প্ৰশাসনে, সৰ্ব শিক্ষা অভিযান আৰু মঙলদৈ মহাবিদ্যালয়ৰ সহযোগিতাত আজি আৰম্ভ হোৱা এই ৩ দিনীয়া আৱাসিক ছাত্ৰ সমাৰোহৰ আয়োজন কৰিছে। এই সমাৰোহত ৩০খন বিদ্যালয়ৰ পৰা নিৰ্বাচিত ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু গুৰু হিচাপে ১৫ গৰাকী শিক্ষকে অংশগ্ৰহণ কৰে। প্ৰথম দিনাৰ সমাৰোহতআমেৰিকাৰ ছাম য়ুষ্টন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ (Sam Houston State University) অৰ্থনীতি বিভাগৰ অধ্যাপক ড০ হিৰণ্য কুমাৰ নাথ, জ্যেষ্ঠ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া তথা আৰক্ষী অধীক্ষক শ্ৰীজীত থিৰাভিয়াম, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত পামহি, গড়চুক, গুৱাহাটীত পাৰিজাত একাডেমিৰ প্ৰতিষ্ঠাপক উত্তম টেৰণ আৰু আন আল লোকসকল উপস্থিত আছিল।

এই বিশিষ্ট লোকসকলে শিক্ষাৰ্থীসকলৰ সৈতে ঘনিষ্ঠভাৱে আলোচনাত মিলিত হয়। তেওঁলোকে শিক্ষাৰ্থীসকলক বুজাই দিয়ে যে ভাষা, শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে। সপোন দেখা আৰু তাক বাস্তৱায়িত কৰাৰ প্ৰয়াস কৰা, যোগাযোগৰ দক্ষতা অৰ্জন কৰা, কৌশল আয়ত্ব কৰা,, ব্ৰেইন মেপিং আদিৰ বিষয়ে ব্যাখ্যা কৰে।

দৰঙৰ উপায়ুক্ত অশোক কুমাৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ শিক্ষণীয় বিষয়সমূহত মনোযোগ দিবলৈ আৰু শিক্ষক, পিতৃ-মাতৃক সন্মান কৰিবলৈ উপদেশ দিয়ে ।

উল্লেখ্য যে অতিৰিক্ত উপায়ুক্ত (সৰ্বশিক্ষাৰ ভাৰপ্ৰাপ্ত বিষয়া) কল্পনা ডেকায়ো এই সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি উদ্বোধনী ভাষণ প্ৰদান কৰিছিল। অতিৰিক্ত উপায়ুক্ত নৰনাৰায়ণ নাথ, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ খগেন্দ্ৰ কুমাৰ নাথ, মঙলদৈ পৌৰ পৰিষদৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ, মঙলদৈ মহাবিদ্যালয়ৰ শিক্ষক মণ্ডলীয়ে এই সমাৰোহ আৰু মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।