NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত আৰক্ষীৰ অভিযানত আটক হোৱা দুজন জুৱাৰীক জে’ললৈ প্ৰেৰণ

Posted by: মানস প্ৰতিম গগৈ July 18, 2018 7:21 pm
arrested-680x365

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলে মঙলবাৰে নিশা জুৱাৰ বিৰুদ্ধে অভিযান চলাই দুজনকৈ জুৱাৰীক আটক কৰি আজি জে’ল হাজোতলৈ প্ৰেৰণ কৰে।

প্ৰাপ্ত তথ্য মতে দীৰ্ঘদিনৰ পৰা মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত চলি থকা জুৱা খেলৰ বিৰুদ্ধে মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গিৰিণ সোণোৱালৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে বৰগোলাই অঞ্চলত অভিযান চলায়।

অভিযানকালত আৰক্ষীয়ে দুজন জুৱাৰী ক্ৰমে প্লেয়াৰ লাইনৰ নিৱাসী সিং বাহাদুৰ তামাং(২৬) আৰু বৰগোলাই বজাৰৰ এম কে লাইনৰ নিৱাসী গোবিন্দ ছেত্ৰী (২৯)ক আটক কৰে।

ইতিমধ্যে মাৰ্ঘেৰিটা থানাত ‘আসাম গেম এণ্ড বেটিং এক্ট ১৯৭০’ ৰ অধীনত ১৪/১৮ নম্বৰৰ এক গোচৰ ৰুজু কৰি যুৱকদ্বয়ক আজি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে।

আনহাতে স্থানীয় ৰাইজে অঞ্চলটোত এনে দৰে জুৱা খেল পাতি অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰি অহা লোকক আৰক্ষীয়ে অভিযান চলাই আটক কৰা কাৰ্যক প্ৰশংসা কৰাৰ লগতে অঞ্চলটোৰ আন আন জুৱাৰী সকলকো অভিযান চলাই আটক কৰাৰ বাবে আহ্বান জনায়।