NORTHEAST NOW (Assamese)
অসম

হাতীগাঁৱৰ পৰা গ্ৰেপ্তাৰ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ নামত ভুৱা ফেচবুক একাউন্ট খোলা চাইবাৰ অপৰাধী

Posted by: এন ই নাও নিউজ July 22, 2018 10:32 am
Suleiman-Ali-pic-2-570x320

মহানগৰৰ আৰক্ষী আয়ুক্ত হীৰেন নাথৰ নামত ভুৱা ফেচবুক একাউন্ট খোলা চাইবাৰ অপৰাধীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মহানগৰৰ হাতীগাঁৱৰ অনুপম পথৰ পৰা আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই চুলেমান ইব্ৰাহিম আলী নামৰ চাইবাৰ অপৰাধীজনক গ্ৰেপ্তাৰ কৰিছে।

গুৱাহাটীৰ পানবজাৰ থানাত ৰুজু হোৱা ৩৪১/ ১৮ নম্বৰ গোচৰৰ ভিত্তিত অপৰাধ অনুসন্ধান শাখাই শুকুৰবাৰে অভিযান চলাই চুলেমানক গ্ৰেপ্তাৰ কৰে। চুলেমানে আৰক্ষী আয়ুক্ত হীৰেন নাথৰ উপৰি কেইবাজনো শীৰ্ষ আৰক্ষী বিষয়াৰ নামত ১৭ টা ভুৱা ফেচবুক একাউন্ট খুলিছিল।

আৰক্ষীয়ে চুলেমানৰ জিম্মাৰ পৰা ৪৭ টা মোবাইল ফোন, ১৩ টা টেবলেট আৰু ১৫ খন ছিমকাৰ্ড জব্দ কৰিছে।

ইয়াৰ আগেয়ে যোৱা জুন মাহত কাৰ্বি আংলঙৰ ডকমকাত অভিজিৎ নাথ আৰু নীলোৎপল দাসক এদল উন্মত্ত লোকে হত্যা কৰাৰ পিছতে অসম আৰক্ষীয়ে ৰাজ্যজুৰি ছচিয়েল মিডিয়াত উৰাবাতৰি প্ৰচাৰৰ বিৰুদ্ধে নিৰ্দেশনা জাৰি কৰিছিল। সেই সময়তে বাতৰি ওলাইছিল যে ‘হীৰেন চন্দ্ৰ নাথ’ৰ নামত কোনো অচিনাক্ত ব্যক্তিয়ে আয়ুক্তগৰাকীৰ ইউনিফৰ্ম পৰিহিত কিছু ফটোগ্ৰাফেৰে সৈতে এটা ভুৱা ফেচবুক একাউন্ট খুলিছে।

সেই সময়ত আৰক্ষী আয়ুক্তগৰাকীয়ে কৈছিল, ‘’ মোৰ হোৱাটছএপৰ বাহিৰে কোনো ছচিয়েল মিডিয়াত একাউন্ট নাই। এই বিশেষ একাউন্টটো কোনোবাই কিবা উদ্দেশ্য লৈ খুলিছে যিটো মই নাজানো।‘’

আয়ুক্তগৰাকীয়ে ইয়াৰ পিছতে তেওঁৰ বিষয়াসকলক বিষয়টো তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল আৰু প্ৰকাশ কৰিছিল যে ‘’শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব।‘’ আৰক্ষীৰ জালত পৰাৰ নপৰালৈকে আৰক্ষীৰ শীৰ্ষ বিষয়াসকল চাইবাৰ অপৰাধীজনৰ সন্ধানত উদ্বিগ্ন হৈ আছিল।