NORTHEAST NOW (Assamese)
অসম

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ: অসমৰ সকলো বিষয়াৰ ছুটী আৰু প্ৰশিক্ষণ বাতিল

Posted by: এন ই নাও নিউজ July 27, 2018 10:33 pm
nrc assam

অহা ৩০ জুলাইত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ আৰু আহি থকা স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত অসমৰ সকলো আই এ এচ, আই পি এচ, এ চি এচ, এ পি এচ, এ এল আৰ এচ আৰু আৰক্ষী বিষয়াৰ ছুটী আৰু প্ৰশিক্ষণ অহা ১৫ আগষ্টলৈকে বাতিল কৰা হৈছে।

মুখ্য সচিব টি ৱাই দাসে আজি ২৭ জুলাইত জাৰি কৰা এক নিৰ্দেশযোগে এইসকল বিষয়াৰ লগতে আন সকলো আৰক্ষী বা আন বিষয়া আৰু জিলা প্ৰশাসন আৰু আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ সকলো বিষয়াৰো ছুটী আৰু প্ৰশিক্ষণো বাতিল কৰা হৈছে।