NORTHEAST NOW (Assamese)
অসম

এন আৰ চিক লৈ ৰাজ্যবাসীক শংকিত নহ’বলৈ আহ্বান দেশৰ গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ

Posted by: এন ই নাও নিউজ July 30, 2018 12:38 pm
CAB in parliament: Rajnath Singh asks BJP MPs to be present

অসমবাসীৰ বহু প্ৰতীক্ষিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চিৰ পূৰ্ণাংগ তথা চূড়ান্ত খচৰা আজি প্ৰকাশ পালে। এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই আয়োজন কৰা সংবাদমেলত দেশৰ মহাপঞ্জীয়ক ড০ শৈলেশ আৰু উত্তৰ–পূবৰ গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গৰ উপস্থিতিত চূড়ান্ত খচৰা প্ৰকাশ কৰা হয়।

এন আৰ চিত নাম অন্তৰ্ভূক্তিৰ বাবে ৩ কোটি ২৯ লাখ ৯১ হাজাৰ ৩৮৪ জন লোকে আবেদন কৰিছিল আৰু আজি চূড়ান্ত খচৰাত ২ কোটি ৮৯ লাখ ৮৩ হাজাৰ ৬৭৭ জন লোকৰ নাম অন্তৰ্ভূক্ত হৈছে। ইফালে ৪০ লাখ ৭ হেজাৰ ৭০৭ জন লোকৰ নাম বাদ পৰে চূড়ান্ত খচৰাৰ পৰা।

চূড়ান্ত খচৰা প্ৰকাশৰ পাছতে বিভিন্ন জনে সংবাদ মাধ্যমৰ আগত বিভিন্ন মন্তব্য দিয়াৰ সময়তে দেশৰ গৃহ মন্ত্ৰী ৰাজনাথ সিঙে অসমৰ সকলো লোককে ধৈৰ্য্যসহকাৰে সকলোবোৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা পৰিলক্ষিত হৈছে।

গৃহ মন্ত্ৰীগৰাকীয়ে আৰু লগতে কয়, ‘এন আৰ চি সম্পৰ্কত কিছু লোকে ভিত্তিহীনভাৱে ৰাজ্যখনত ভয়, শংকাৰ উদ্ভৱ কৰাৰ চেষ্টা চলাইছিল। এন আৰ চি হৈছে সম্পূৰ্ণ নিৰপেক্ষ। ইয়াত কোনো ধৰণৰ ভূল তথ্য প্ৰচাৰ কৰা নহয়। এইখন চূডান্ত এন আৰ চি নহয় এইখন কেৱল এখন খচৰাহে’।

ইয়াৰ উপৰি তেওঁ লগতে কয় যে যদিহে কোনো লোকৰ নাম চূড়ান্ত এন আৰ চিতো অন্তৰ্ভূক্তি নহয় তেন্তে তেওঁলোকে বিদেশী ন্যায়াধীকৰণত আৱেদন কৰিব পাৰিব। এই ক্ষেত্ৰত তেওঁলোকৰ ওপৰত চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে। সেয়ে এন আৰ চিক লৈ শংকিত হোৱাৰ কোনো কাৰণ নাই বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

উল্লেখ্য যে যে এন আৰ চিৰ খচৰাত নাম নথকা লোকৰ বিৰুদ্ধে আৰক্ষী আৰু প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব বুলি ইতিমধ্যে গৃহমন্ত্ৰালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশনা দিছে। তাৰোপৰি খচৰাত নাম নথকা লোকক বিদেশী ন্যায়াধীকৰণলৈ প্ৰেৰণ কৰিব নোৱাৰিব আনকি নাম নথকা সকলকো গ্ৰেপ্তাৰো কৰিব নোৱাৰিব বুলি উক্ত নিৰ্দেশনাত জাৰি কৰি থৈছে।