NORTHEAST NOW (Assamese)
অসম

৭ ছেপ্তেম্বৰত শিক্ষা মন্ত্ৰীৰে আলোচনাৰ পূৰ্বে ৬ ছেপ্টেম্বৰত সাধাৰণ সভা আহ্বান সদৌ অসম কৰ্মৰত অতিৰিক্ত শিক্ষক সন্থাৰ

Posted by: ইয়াছিন আলী August 29, 2018 1:12 pm

১৯৯১-২০০১ চনৰ ভিতৰত নিযুক্তি লাভ কৰি অসমৰ ২৪খন জিলাৰ বিভিন্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত হৈ থকা ১১,৭৫৬গৰাকী শিক্ষকৰ চাকৰিক লৈ সৃষ্টি হোৱা অচলাৱস্থাৰ সমস্যা দূৰ কৰিবলৈ অহা ৭ ছেপ্তেম্বৰত শিক্ষা মন্ত্ৰী আৰু সদৌ অসম কৰ্মৰত অতিৰিক্ত শিক্ষক সন্থাৰ মাজত এখন বৈঠক অনুষ্ঠিত হ’ব।

উক্ত বৈঠকৰ বিষয়ে আলোচনা কৰিবলৈ সদৌ অসম কৰ্মৰত অতিৰিক্ত শিক্ষক সন্থাই তাৰ আগদিনা অৰ্থাৎ ৬ ছেপ্তেম্বৰত সন্থাৰ এখন সাধাৰণ সভা অনুষ্ঠিত কৰিছে। এই সাধাৰণসভাখন ৬ ছেপ্টেম্বৰৰ ৰাতিপুৱা ১১ বজাত গুৱাহাটী চান্দমাৰিত থকা ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ভৱনত অনুষ্ঠিত হ’ব।

সাধাৰণ সভাখনত ৰাজ্যৰ ২৪খন জিলাৰ সন্থাৰ অন্তৰ্ভুক্ত শিক্ষক-শিক্ষয়িত্ৰী সকলোকে উপস্থিত থাকিবলৈ সন্থাৰ সভাপতি নীলমনি নাথ, যুটীয়া সম্পাদক দ্বয় দিলীপ তাঁতী আৰু আব্দুল মতলেবে আহ্বান জনাইছে।

উল্লেখযোগ্য যে যোৱা বেচ কিছুদিন ধৰি এই বেতন বঞ্চিত তথা চাকৰিৰ সংকটত পৰা হাজাৰ হাজাৰ শিক্ষকসকলে আন্দোলন, প্ৰতিবাদ কৰি আহিছে। শিক্ষকসকলক চৰকাৰে তেওঁলোকৰ চাকৰি কেনেকৈ ‘বৈধ’ সেইটো প্ৰমাণ কৰিবলৈ জাননী প্ৰেৰণ কৰিছিল।

ইয়াৰ প্ৰতিবাদত আৰু তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদ কৰি থকা শিক্ষকসকলৰ সৈতে আলোচনা কৰিবলৈ সন্মত হৈ শিক্ষা মন্ত্ৰীয়ে তেওঁলোকক আলোচনাৰ বাবে মাতিছে। এই সন্দৰ্ভত অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ ডিপুটি ছেক্ৰেটেৰীয়ে পত্ৰ নং AEE- 289/2017/87-A যোগে সদৌ অসম কৰ্মৰত অতিৰিক্ত শিক্ষক সন্থাৰ বিষয়ববীয়াক শিক্ষা মন্ত্ৰীৰ লগতে প্ৰাথমিক শিক্ষা বিভাগৰ বিষয়া সকলৰ সৈতে আলোচনাৰ বাবে আমন্ত্ৰণ জনায়।

এই আলোচনা অহা ৭ ছেপ্তেম্বৰত ৰাতিপুৱা পুৱা ১১:৩০ বজাত জনতা ভৱনৰ চতুৰ্থ মহলাৰ ডি কক্ষত অনুষ্ঠিত হ’ব। এই কথা সন্থাৰ সভাপতি নীলমনী নাথ আৰু যুটীয়া সম্পাদক আব্দুল মতলেবে জানিবলৈ দিছে।