NORTHEAST NOW (Assamese)
অসম

এছিয়ান গেমছত হিমা দাসৰ পদকৰ হেট্ৰিক : নগাওঁ ক্ৰীড়া সন্থাৰ বিজয় উৎসৱ

Posted by: মিণ্টু দাস September 1, 2018 7:03 am
Hima das rally by nagaon.docx photo

ইণ্ডোনেচিয়াৰ জাকাৰ্টাত অনুষ্ঠিত হোৱা এছিয়ান গেইমছত দুটাকৈ ৰূপৰ পদকৰ উপৰি এটা সোণৰ পদক লাভ কৰি দেশবাসীক গৌৰাৱাম্বিত কৰা হিমা দাসকলৈ শুকুৰবাৰে সন্ধিয়া নগাওঁ ক্ৰীড়া সন্থাই বিজয় উৎসৱ পালন কৰে।

শুকুৰবাৰে সন্ধিয়া ক্ৰীড়া সন্থাই এক শোভাযাত্ৰা উলিওৱাৰ উপৰি নগাওঁ নুৰুল আমিন ষ্টেডিয়ামত এখন সভা অনুষ্ঠিত কৰাৰ লগতে ফটকা, আতচবাজিৰে পালন কৰে বিজয় উৎসৱ।

নগাওঁ ক্ৰীড়া সংস্থাৰ উপ-সভাপতি বিধায়ক ৰূপক শৰ্মা, সাধাৰণ সম্পাদক প্ৰদীপ হাজৰিকা উপস্থিত থাকি সন্থাৰ সকলো বিষয়-ববীয়াৰ লগতে খেলুৱৈসকলক মিঠাই খুৱাই আনন্দ উপভোগ কৰে।

নগাঁৱৰ নুৰুল অমিন ষ্টেডিয়ামত এক উৎসৱমুখৰ পৰিবেশ বিৰাজ কৰে। বিজয় উৎসৱত ক্ৰীড়া সন্থাৰ সম্পাদক প্ৰদীপ হাজৰিকাই কয়, ‘’এইখন নুৰুল আমিন ষ্টেডিয়ামৰ ঘাঁহ গচকি হিমাই জয় কৰিলে বিশ্ব। হিমাৰ এই বিজয়ে উঠি অহা প্ৰজন্মক অধিক উৎসাহিত কৰিব। আমি হিমাৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছো।‘’

শুকুৰবাৰৰ এই বিজয় উৎসৱ অনুষ্ঠানত ষ্টেডিয়ামৰ বিভিন্ন খেল বিভাগৰ কৰ্মকৰ্তাৰ লগতে বহু সংখ্যক প্ৰশিক্ষাৰ্থী উপস্থিত থাকে।