NORTHEAST NOW (Assamese)
অসম

হাত দাঙিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ! হাইপ্ৰেচাৰৰ নিদান বিচাৰি বেজৰ কাষ চাপিল কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই

Posted by: কল্পজ্যোতি শইকীয়া September 13, 2018 10:53 pm
Dibya rajen

স্বাস্থ্য বিভাগত উন্নত প্ৰযুক্তি বিদ্যাৰ পয়োভৰ ঘটোৱাৰ দাবী কৰা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্য্যকালত এগৰাকী কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীয়ে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ওপৰত আস্থা হেৰুৱাই এগৰাকী বেজৰ কাষ চপা কথাটোৱে পুনৰবাৰ উদঙাইছে স্বাস্থ্য বিভাগৰ সোপাঢিলা আন এক প্ৰতিচ্ছবি।

উল্লেখ্য যে, ১২ বছৰতকৈ অধিক সময় কাৰ্যভাৰ চলাই অহা স্বাস্থ্য বিভাগৰ মন্ত্ৰীগৰাকী নিজৰ বিভাগত চুড়ান্ত ব্যৰ্থ হোৱাৰ বাবেই এতিয়া উচ্চ ৰক্তচাপ ভাল কৰিবৰ বাবে ৰঙিয়াৰ চলমাৰীৰ ফজল বেজৰ কাষ চাপিল কেন্দ্ৰীয় ৰাজ্যিক ৰেইল মন্ত্ৰী ৰাজেন গোহাঁই।

আনহাতে, ৰাজনৈতিক নেতা এগৰাকীয়ে আজিৰ বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ যুগত এনেদৰে বেজৰ জৰা পানী গাঁত ছটিয়াই উচ্চ ৰক্তচাপ ভাল কৰিব বিচৰাটো কেনেধৰণৰ চিন্তা হ’ব পাৰে বুলিও প্ৰশ্ন তুলিছে একাংশ সচেতন লোকে।

এই সম্পৰ্কত অন্ধবিশ্বাসৰ বিৰুদ্ধে দীৰ্ঘকাল ধৰি সংগ্ৰাম চলাই অহা মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াই নৰ্থ ইষ্ট নাওৰ আগত কয়, ‘’অন্ধ বিশ্বাস বিয়পোৱাত ৰাজনৈতিক নেতাসকলে পোষকতা কৰে। মই এটা কথা দীৰ্ঘদিন ধৰি কৈ আহিছো যে অন্ধবিশ্বাস বিয়পোৱাত ৰাজনৈতিক নেতাসকলে যথেষ্ট ইন্ধন যোগাই আহিছে। যাৰ কাৰণে মোৰ দৰে লোকে অন্ধবিশ্বাসৰ বিৰুদ্ধে বহু কষ্ট কৰাৰ পাছতো যিধৰণে ফলাফল পাব লাগিছিল, এতিয়ালৈকে পোৱা নাই।‘’

তেওঁ লগতে কয়, ‘’ৰাজ্যিক ৰেইল মন্ত্ৰী ৰাজেন গোহাঁইকে প্ৰমুখ্য কৰি এচাম অন্ধবিশ্বাসী ৰাজনৈতিক নেতাই নিজৰ ওপৰত বিশ্বাস নথকাৰ বাবে কিবা পোৱাৰ লালসাত বেজ বা তান্ত্ৰিকৰ ঘৰে ঘৰে চুচৰি ফুৰে।‘’

আনহাতে, বিজ্ঞান প্ৰযুক্তিয়ে দ্ৰুতগতিত অগ্ৰগ্ৰতি লাভ কৰা তথা ডিজিটেল ইণ্ডিয়াৰ পোষকতা কৰা নৰেন্দ্ৰ মোদী চৰকাৰৰে এনেবোৰ নেতা অন্ধবিশ্বাসৰ বলি হোৱা ঘটনাই সাধাৰণ জনতাৰ মাজত কি প্ৰভাৱ পেলাব তাক লৈয়ো চিন্তিত দীৰ্ঘদিন ধৰি অন্ধবিশ্বাসৰ বিৰোধিতা কৰি অহা নেতা দিব্যজ্যোতি শইকীয়া।

উল্লেখ্য যে, কৈ থাকিলেও বিতৰ্কৰ অন্ত নপৰা এই স্বাস্থ্য বিভাগতে জি ভি কে কৰ্তৃপক্ষ তথা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ বিৰুদ্ধে ক্ষোভ উজাৰি ৯ দিন ধৰি কৰ্মবিৰতি পালন কৰি আহিছে ১০২ আৰু ১০৮ৰ কৰ্মচাৰীসকলে।  তথা

ৰোগীক ভেজাল দৰব যোগান ধৰা কেলেংকাৰিয়ে ৰাজ্যখন জোঁকাৰি গৈছে যদিও আওকণীয়া মনোভাৱ পোষণ কৰা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দিনতে ৰাজেন গোহাঁইৰ দৰে কেন্দ্ৰীয় মন্ত্ৰী এগৰাকীয়ে বেজৰ কাষ চাপি পুনৰবাৰ স্বাস্থ্য বিভাগৰ ব্যৰ্থতাকহে পোহৰলৈ আনিলে।