NORTHEAST NOW (Assamese)
অসম

সন্তানৰ অৱহেলা,নিৰ্যাতন : ন্যায়ৰ অপেক্ষাত বৃদ্ধা মাতৃ

Posted by: মিণ্টু দাস September 15, 2018 6:23 am
208024b9-d1d5-40da-bc97-c0d35b5629a8

নগাঁৱত পুনৰ সন্তানে মাতৃক অৱহেলা তথা নিৰ্যাতন কৰাৰ ঘটনা পোহৰলৈ আহিছে। জিলাখনৰ পুৰণিগুদামৰ নলবৰা গাঁৱৰ যতীন চন্দ্ৰ বৰা নামৰ এজন লোকৰ বিৰুদ্ধে উত্থাপিত হৈছে মাতৃক নিৰ্যাতন চলোৱাৰ অভিযোগ।

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীৰো কাষ চাপিছে ডিম্বেশ্বৰী বৰা নামৰ এগৰাকী ৭০ বছৰীয়া বৃদ্ধা। নিজ পুত্ৰ যতীনৰ বিৰুদ্ধে বৃদ্ধাগৰাকীয়ে চামগুৰি থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ উঠিছে।

এজাহাৰত উল্লেখ কৰা অনুযায়ী কিছুদিন পূৰ্বে পুত্ৰ যতীনে মাতৃ ডিম্বেশ্বৰীক নিশাৰ ভাগত ঘৰৰ পৰা অকথ্য নিৰ্যাতন চলাই বাহিৰ কৰি দিছিল। পুত্ৰৰ এনে কাণ্ডৰ পিছত বৰ্তমান আত্মীয়ৰ ঘৰত আশ্ৰয় লৈ আছে পুত্ৰৰ হাতত নিৰ্যাতিত বৃদ্ধাগৰাকীয়ে।

উল্লেখ্য যে, যোৱা ২৮ আগষ্টতে নগাঁৱৰ অতিৰিক্ত উপায়ুক্তই চামগুৰি আৰক্ষীক এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছিল। এই সন্দৰ্ভত মহিলা আয়োগতো ৰুজু হৈছিল গোচৰ। নিজ পুত্ৰৰ বিৰুদ্ধে আইন-আদালতৰ কাষ চাপি এতিয়া ন্যায়ৰ বাবে বাট চাই ৰৈছে বৃদ্ধাগৰাকীয়ে।