NORTHEAST NOW (Assamese)
অসম

তেজপুৰ খলিহামাৰীত দুৰ্বৃত্তৰ নিকৃষ্ট কাণ্ড :  গোহালিত অগ্নসংযোগ কৰাত ৩টা গৰু অগ্নিদগ্ধ

Posted by: মণিমালা বৰা September 16, 2018 6:04 pm
Gohali

তেজপুৰৰ খলিহামাৰীত যোৱা নিশা দুৰ্বৃত্তই ৰফিকুল ইচলাম নামৰ এজন লোকৰ গোহালিত অগ্নিসংযোগ কৰাত গোহালিত বান্ধি থোৱা ৭টা গৰুৰ ৩ টা অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। আনহাতে আন তিনিটা গৰুৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

প্ৰাথমিক অনুসন্ধানৰ জৰিয়তে জানিব পৰামতে, দুৰ্বৃত্তই পেট্ৰল ঢালি গোহালিটোত জুই লগাই দিয়ে।

কোনে এই নিকৃষ্ট কাম কৰিছে এই পৰ্য্যন্ত ধৰিব পৰা নাই। গোহালিত অগ্নিসংযোগ কৰাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷