NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ দাঁতিৰ বীৰকুছিত বনৰীয়া হাতীৰ সন্ত্ৰাসে টোপনি হৰিছে মানুহৰ

Posted by: অনিৰ্বাণ পাঠক September 16, 2018 8:53 pm
WildElephant

১৫ ছেপ্তেম্বৰ পুৱাৰে পৰা মহানগৰীৰ আমচাং অভয়াৰণ্যৰ দাঁতিকাষৰীয়া নাৰেংগীৰ সমীপৰ বীৰকুছিৰ কুণ্ডিল নগৰত এটা বনৰীয়া হাতীয়ে তাণ্ডৱ চলোৱাৰ পাছত অঞ্চলটোৰ ৰাইজ শংকাৰ মাজত থাকিব লগীয়া হৈছে।

অঞ্চলটোৰ স্থানীয় লোকে জনোৱামতে, কালি পুৱাই আমচাং অভয়াৰণ্যৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে সন্ধিয়া সময়ত বীৰকুছিৰ কলিতাকুছি, বিহুতলী, কুণ্ডিল নগৰ, কৌটিল্য নগৰ আদি ঠাইত সন্ত্ৰাস সৃষ্টি কৰে। হাতীটোৱে অঞ্চলটোৰ চাৰিটা পৰিয়ালৰ ঘৰৰ ক্ষতিসাধন কৰাৰ উপৰি খাদ্য সামগ্ৰীও খাই নষ্ট কৰে।

স্থানীয় বন বিভাগৰ খণ্ড বিষয়াৰ কাৰ্যালয়ৰ পৰা পোৱা তথ্য অনুসৰি হাতীটোৱে কলিতাকুছিৰ সুনীল ৰাহাং, কেশৱ লামিছামি, জীতেন ৰাহাং আৰু কৌটিল্য নগৰৰ অমৃতা ছেত্ৰীৰ বাসগৃহৰ লগতে বিভিন্ন বয়-বস্তুৰ ক্ষতিসাধন কৰে।

এই ঘটনা সন্দৰ্ভত কলিতাকুছিৰ সুনীল ৰাহাং নামৰ লোকজনে কয়, ‘কালি সন্ধিয়া প্ৰায় ৭.৩০ বজাত হাতীটো আহে আৰু আমাৰ ঘৰৰ পাছফালৰ তৰ্জাৰ বেৰখন ভাঙি পেলায়। আমি মানুহকেইজন কোনোমতে ঘৰৰ পৰা ওলাই পলাই যাবলৈ সক্ষম হওঁ। হাতীটো ইয়াৰ পাছত আমাৰ গাহৰিৰ বাবে থৈ দিয়া দানাও খাই পেলায়। পাছত গাঁৱৰ মানুহ আহি জুই জ্বলাই চিঞৰ-বাখৰ কৰি হাতীটো ইয়াৰ পৰা খেদে যদিও ওচৰৰে জংঘলত সোমাই এতিয়ালৈকে তাতেই আছে।’

ইপিনে, বনৰীয়া হাতীৰ ভয়ত সুনীল ৰাহাঙে তেওঁৰ কণমানি পুত্ৰ সন্তানটোক কিছু দূৰৈত থকা সম্পৰ্কীয়ৰ ঘৰত ৰাখিব লগীয়া হৈছে বুলি জানিবলৈ দিয়ে।

বনৰীয়া হাতীৰ ভয়ত কালি নিশাটো অঞ্চলটোৰ বিভিন্ন স্থানত ৰাইজে জুম পাতি জুই জ্বলাই পহৰা দিয়ে। একাংশ স্থানীয় লোকৰ মতে সেই স্থানত থকা জংঘলত চাৰিটা হাতী লুকাই আছে। অৱশ্যে বন বিভাগৰ মতে তাত এটা হাতী থকাৰহে সম্ভাৱনা আছে।

উল্লেখ্য যে, যোৱা ৮ ছেপ্তেম্বৰতো এটা হাতীয়ে সেই অঞ্চলত তাণ্ডৱ চলাইছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।