NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় জেভলিন থ্ৰ’ প্ৰতিযোগিতাত মাজুলীৰ কন্যা ৰুণজুন পেগুৰ স্বৰ্ণ: মাজুলীত উছাহৰ ধল

Posted by: মিটু খাটনিয়াৰ September 27, 2018 2:24 pm
Runjun Pegu

লক্ষ্ণৌত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় জেভলিন থ্ৰ’ প্ৰতিযোগিতাৰ চিনিয়ৰ শাখাত স্বৰ্ণ পদক জয়েৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মাজুলীৰ কন্যা ৰুণজুন পেগুৱে। মাজুলীৰ বোকা পানী খচকি ডাঙৰ দীঘল হোৱা ৰুণজুনৰ এই সাফল্যই মাজুলীলৈ আনন্দৰ জোৱাৰ আনিছে।

উল্লেখযোগ্য যে মাজুলীৰ জেংৰাইমূখ লক্ষীমি বৰপমুৱা গাঁৱৰ ৰুণজুনে শৈশৱতে পিতৃ-মাতৃক হেৰুৱাই এক কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে আহি আজি ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠিবলৈ সক্ষম হৈছে।

কাইলৈ গৃহ জিলা মাজুলীত উপস্থিত হ’ব লগা ৰুণজুনক সম্বৰ্ধনা জনাবলৈ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত বিভিন্ন দল সংগঠনে ব্যাপক আয়োজন কৰিছে। ইয়াৰ উপৰি তেওঁক বিশেষ ফেৰী, গাড়ী তথা প্ৰায় দহ হেজাৰ দুচকীয়া-চাৰিচকীয়া বাহনেৰে কমলাবাৰী ঘাটৰ পৰা জেংৰাইমুখ লৈ বিশাল শোভাযাত্ৰা কৰি আদৰি অনা হ’ব ।

সুদক্ষ খেলুৱৈ গৰাকীক আদৰণি জনোৱাৰ বাবে নিৰ্মাণ কৰা হৈছে ৫০ খনৰো অধিক আদৰণি তোৰণ। সম্বৰ্ধনা কাৰ্য্যসূচী সফল কৰি তোলাৰ বাবে ইতিমধ্যে উদযাপন সমিতিয়ে বিভিন্ন সভা অনুষ্ঠিত কৰিছে।

ৰুণজুনৰ এই সাফল্য বাবে মিচিং স্বায়ত্ব শাসিত পৰিষদে তেওঁলৈ এক লাখ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।