NORTHEAST NOW (Assamese)
Uncategorized

পাঠশালাৰ হৰি মন্দিৰ প্ৰাংগনত সাদিনীয়া ‘বজালী গ্ৰন্থ উৎসৱ-২০১৮ আৰম্ভ

Posted by: শশাংক তালুকদাৰ October 4, 2018 8:12 pm
IMG-20181004-WA0018

পাঠশালাত সাদিনীয়া গ্ৰন্থমেলা আৰম্ভ হৈছে। গ্ৰন্থমেলাৰ উদ্বোধনী সভাত উপস্থিত থাকে বৰপেটাৰ উপায়ুক্ত থানেশ্বৰ মালাকৰ। তেওঁ কয় যে গ্ৰন্থই মানুহৰ জ্ঞান বৃদ্ধি কৰে।

উদ্বোধনী সভাত সভাপতিত্ব কৰে গ্ৰন্থমেলা সমিতিৰ সভাপতি মুৰালী মোহন দত্তই। এটা বিশেষ ভাষণ কাৰ্যসূচীৰ আঁত ধৰিছিল অংকুৰ বৰুৱাই। বন বিভাগৰ ব্ৰেণ্ড এম্বেছেডৰ আনন্দ খাটনীয়াৰ আৰু ৱাইল্ড লাইফ ৱাৰ্ডেন নগেন চৌধুৰী, পাঠশালা প্ৰেছক্লাবৰ সভাপতিস, কমিটীৰ উপ সভাপতি কমলেশ্বৰ উজিৰ, পাঠশালা প্ৰেছগীল্ডৰ সভাপতি ধ্ৰুব তালুকদাৰ আদিয়ে বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

৩ অক্টোবৰত ভূপেন্দ্ৰ সংগীত, লোকগীত আৰু আধুনীক গীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিপুল হালৈ আৰু ৰূপম চৌধুৰীয়ে সম্পাদনা কৰা সৃষ্টিৰ বছৰেকীয়া মুখপত্ৰ ‘সৃষ্টি’ উন্মোচন কৰে পাঠশালাৰ ‘আনন্দৰাম বৰুৱা একাডেমী’ৰ ৰেক্টৰ ড০ ৰঞ্জিৎ ডেকাই।

ড০ সুব্ৰত শৰ্মা আৰু আৰু ৰত্নেশ্বৰ দাসে ‘বুমেৰাং’ আৰু ‘তোমাৰ প্ৰেমত পৰাতো ভুল নাছিল মোৰ’ গ্ৰন্থ দুখন উন্মোচন কৰে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ৰিজিয়নেল ডেণ্টেল কলেজৰ ড০ সঞ্জীৱ খাটনিয়াৰ আৰু বিখ্যাৎ সমাজকৰ্মী ভূপেন দত্তও উপস্থিত আছিল।

গ্ৰন্থমেলাত স্থানীয় সাংবাদিকসকলকো সম্বৰ্ধনা জনোৱা হয়। পূৰ্বৰ বছৰ সমূহৰ দৰে এইবাৰৰ ‘বজালী গ্ৰন্থ উৎসৱ-২০১৮’ পাঠশালা হৰি মন্দিৰত অক্টোবৰৰ ২ তাৰিখে আৰম্ভ হয়। অক্টোবৰৰ ৮ তাৰিখে এই গ্ৰন্থমেলাৰ সামৰণি পৰিব।