NORTHEAST NOW (Assamese)
অসম

বাংলাদেশ অভিমুখী ৩১জন সন্দেহযুক্ত বাংলাদেশীক গুৱাহাটীত আটক

Posted by: এন ই নাও নিউজ October 15, 2018 6:27 pm
Bangladeshi-nationals-750x375

বাংলাদেশ অভিমুখে যাবলৈ ওলোৱা ৩১জন সন্দেহযুক্ত বাংলাদেশীক আজি গুৱাহাটী ৰেইল ষ্টেইশ্যনৰ পৰা আটক কৰিছে ৰেইল আৰক্ষীয়ে। সন্দেহযুক্ত বাংলাদেশীৰ দলটোত পুৰুষ ১০জন, ৮গৰাকী মহিলা আৰু ১৩টা শিশু (৮টা ল’ৰা আৰু ৫জনী ছোৱালী) আছে।

ৰেইল আৰক্ষীৰ অধীক্ষক হেমন্ত কুমাৰ দাসে নৰ্থ-ইষ্ট নাওক জনোৱামতে, এই সন্দেহযুক্ত বাংলাদেশীকেইজনে কাঞ্চনজংঘা ট্ৰেইনত আগৰতলালৈ যাবলৈ পৰিকল্পনা কৰিছিল।

আৰক্ষীৰ অনুসন্ধানৰ সময়ত তেওঁলোকে কোনো বৈধ নথি দেখুৱাব নোৱাৰিলে। অধিক জেৰাত তেওঁলোকে স্বীকাৰ কৰে যে ২/৩ বছৰ পূৰ্বে তেওঁলোকে বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল। ঘৰ বাংলাদেশৰ বাগেৰহাট জিলাত।

ভাৰতত প্ৰৱেশ কৰাৰ পিছত তেওঁলোকে বেংগালুৰুলৈ যায় আৰু তাত সৰু সুৰা কাম কৰিছিল। “কালি তেওঁলোক বেংলোৰ এক্সপ্ৰেছত গুৱাহাটীলৈ আহে আৰু ৰাতিটো ষ্টেইশ্যনতে কটায়। তেওঁলোকে কাঞ্চনজংঘা এক্সপ্ৰেছত আগৰতলালৈ যোৱাৰ পৰিকল্পনা কৰিছিল।” এইদৰে কয় ৰেইল আৰক্ষীৰ অধীক্ষক হেমন্ত কুমাৰ দাসে। দাসে লগতে কয় যে ত্ৰিপুৰাৰ হৈ লোককেইজন বাংলাদেশলৈ যোৱাৰ কথা আছিল বুলি স্বীকাৰ কৰিছে।