NORTHEAST NOW (Assamese)
অসম

প্ৰতিমাৰ পালা জানো প্ৰাণ!! : ষষ্ঠীত প্ৰতিষ্ঠা কৰা প্ৰতিমাক আজি দশমীত বিসৰ্জন

Posted by: দুৰ্লভ গগৈ October 19, 2018 2:44 pm
Dashami

ঢালি দিয়া অন্তৰৰ ভকতিৰ ধাৰা
        আৱেগত গালা কত গান,
কতবাৰ হেঁপাহেৰে সাবটি ধৰিলা
        প্ৰতিমাৰ পালা জানো প্ৰাণ ?

                          -যতীন্দ্ৰ নাথ দুৱৰা

 

ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক বিসৰ্জো আমি বিজয়াৰ
              বিফল সন্ধ্যাত!

-দেৱকান্ত বৰুৱা

 

কবিয়ে কোৱাৰ দৰেই ষষ্ঠীত প্ৰতিষ্ঠা কৰা প্ৰতিমাক কিছু সময়ৰ পিছতেই বিসৰ্জনৰ বাবে আগ বাঢ়িছে ভক্তপ্ৰাণ ৰাইজ। ভক্তপ্ৰাণতকৈ উৎসৱপ্ৰাণ হৈ পৰা মহানগৰীৰ বাসিন্দাই হয়তো কাইলৈৰ পৰা পুনৰ নিজৰ কৰ্ম ব্যস্ততাত হেৰাই যাব আকৌ আন এটা উৎসৱে সন্মুখত থিয় নোহোৱালৈকে।

কিন্তু এই প্ৰতিমাবোৰৰ জৰিয়তে পানীৰ প্ৰদূষণৰ কথাটো হয়তো কাৰো ভাবিবলৈ আহৰি নহ’ব। পৰিৱেশবিদসকলে সকীয়াই দিছে যে নদীৰ পানী প্ৰদূষণত প্ৰতিবছৰে বিসৰ্জন দিয়া হাজাৰ হাজাৰ প্ৰতিমাই জলজ জীৱকূলৰ প্ৰতি আৰু নদীৰ পানী খোৱা মানুহ, আন প্ৰাণীৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

অধ্যয়নত প্ৰকাশ পাইছে যে পূৰ্বতে এই মূৰ্তিবোৰ জৈৱ পদাৰ্থৰে নিৰ্মাণ কৰা হৈছিল, ৰং লগোৱা হৈছিল উদ্ভিজ্জাত। এইবোৰ সহজে মাটি-পানীৰ সৈতে মিলি গৈছিল। কিন্তু আজিকালিৰ ৰঙত কেমিকেল ব্যৱহাৰ কৰা হয়, প্ৰতিমাবোৰ ধুনীয়া আৰু উন্নত কৰিবলৈ উজ্জ্বল ৰং দিয়াৰ লগতে প্লাষ্টাৰ অব পেৰিছ, প্লাষ্টিক, চিমেণ্ট ব্যৱহাৰ কৰা হয়, যিবোৰ সহজে পচনশীল নহয় আৰু যিবোৰে পানীত অক্সিজেনৰ হাৰ হ্ৰাস কৰে। মাছ-কাছ আৰু আন আন জলজ জীৱকূলৰ প্ৰজননতো এইবোৰে নেতিবাচক প্ৰভাৱ পেলায়।

জানিব পৰামতে, কেৱল গুৱাহাটী মহানগৰীতে ৪৫০-অতকৈ অধিক পূজা সমিতিয়ে পূজা অনুষ্ঠিত কৰিছিল আৰু এই প্ৰতিমাবোৰ আজি ব্ৰহ্মপুত্ৰৰ বিভিন্ন ঘাটত বিসৰ্জন দিব।