NORTHEAST NOW (Assamese)
অসম

সোণালী বান্দৰৰ সংৰক্ষণৰ ক্ষেত্ৰত বিটিচিৰ স্থানীয় ৰাইজৰ অকুণ্ঠ সঁহাৰি

Posted by: এন ই নাও নিউজ October 29, 2018 9:53 pm
BTC Golden Langur Conservation 02

বিটিচি এলেকাত থকা মানস ৰাষ্ট্রীয় উদ্যানৰ দাঁতিত বাস কৰা ১৯ গৰাকী গাঁৱবাসীয়ে সোণালী বান্দৰৰ সংৰক্ষণৰ ক্ষেত্ৰত আন্তৰিক সমৰ্থন আগবঢ়াইছে। এই এলেকাটোক সোণালী বান্দৰ সংৰক্ষিত আৱাসক্ষেত্ৰ হিচাপে গঢ়ি তোলা হ’ব।

এই প্ৰকল্পটোৰ ধাৰণাটোৰ জন্ম দিছিল নিউ হ’ৰাইজন নামৰ এটা সংস্থাই। সংস্থাটোলা প্ৰয়োজনীয় পথ প্ৰদৰ্শন কৰিছে বিচিচিৰ চিৰাং বন সংমণ্ডলে আৰু ইয়াত সমৰ্থন দিছে ভাৰতীয় বন্যপ্ৰাণী ন্যাস (WTI) আৰু ইয়াৰ আন্তৰ্জাতিক সহযোগী বন্যপ্ৰাণী কল্যাণ নিধিয়ে (IFAW )।

আজি ২৯ তাৰিখে ইয়াৰ প্ৰথমটো সীমা স্তম্ভ ঠিয় কৰোৱা হৈছে আৰু সীমা দিয়া প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

বিটিচিৰ অন্তৰ্গত চিৰাং জিলাৰ দঁতিকাষৰীয়া শালবাৰী গাঁৱত এই অনুষ্ঠানৰ আয়োজন কৰা হয়।  বিটিচিৰ পৰিৱেশ আৰু বন বিভাগৰ বিষয়া কৰ্মচাৰীসকল, গাঁও পৰ্যায়ৰ কমিটীৰ বিষয়ববীয়াসকল, মহিলা সংগঠনৰ প্ৰতিনিধিসকল, স্থানীয় বেচৰকাৰী সংস্থাসমূহৰ সদস্যসকল, ভাৰতীয় বন্যপ্ৰাণী ন্যাস  আৰু ইয়াৰ আন্তৰ্জাতিক সহযোগী বন্যপ্ৰাণী কল্যাণ নিধিৰ প্ৰতিনিধিসকলে ইয়াত অংশগ্ৰহণ কৰে।।

ইয়াত গোট খোৱা সকলে এই এলেকাটো সোণালী বান্দৰ সংৰক্ষণ আৰু ৰক্ষণাৱেক্ষণৰ শপত লয়। উল্লেখ্য যে সোণালী বান্দৰ বিশ্বৰ একমাত্ৰ এই অঞ্চলতেই পোৱা যায় আৰু প্ৰাণীবিধ বিটিচি চৰকাৰৰ শুভংকৰ।