NORTHEAST NOW (Assamese)
অসম

কাইলৈ পোহৰৰ উৎসৱ দীপাৱলী : আকাশ পোহৰাবলৈ সাজু বৰপেটাৰ থলুৱা আতচবাজি উদ্যোগ

Posted by: পুলেন্দ্ৰ দাস November 5, 2018 2:17 pm
barpeta 001 copy

কাইলৈ পোহৰৰ উৎসৱ দীপাৱলী। বজাৰত দেশী-বিদেশী আতচবাজিৰ চমকৰ মাজতে ৰাজ্যৰ আকাশ পোহৰাবলৈ নানান প্ৰত্যাহ্বানৰ মাজেৰে সাজু হৈছে বৰপেটাৰ আতচবাজি উদ্যোগ।

১৮৫৬ চনত ইংৰাজ চৰকাৰৰ অনুজ্ঞাপত্ৰ প্ৰাপ্ত বৰপেটাৰ আতচবাজি উদ্যোগে সম্প্ৰতি অসমৰ  লগতে অইন ৰাজ্যতো সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে যদিও বৰ্তমান নানান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বৰপেটাৰ আতচবাজি উদ্যোগৰ স্বত্বাধিকাৰীয়ে ৷

কিয়নো থলুৱা এই উদ্যোগক আগুৱাই নিয়াৰ বাবে চৰকাৰে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেয়া আজিলৈ কৰা নাই ৷ চৰকাৰৰ সুদৃষ্টিৰ অভাৱত থলুৱা উদ্যোগটোৰ প্ৰতি ভীষণ প্ৰত্যাহ্বান নামি অহা বুলি “নৰ্থ ইষ্ট নাও” ৰ এই প্ৰতিবেদকৰ আগত স্বীকাৰ কৰে বৰপেটাৰ আতচবাজি উদ্যোগৰ এগৰাকী স্বত্বাধিকাৰী ৰীতামণি পাঠকে (ভিডিঅ’ আছে)৷

চৰকাৰে এই থলুৱা উদ্যোগৰ প্ৰতি কৃপাদৃষ্টি দিলে এই উদ্যোগটোৰ জৰিয়তে আৰু অধিক নিবনুৱাক কৰ্ম সংস্থাপন দিব পাৰিব বুলি মন্তব্য কৰে থলুৱা মহিলা উদ্যোগী ৰীতামণি পাঠকে ৷