NORTHEAST NOW (Assamese)
অসম

অবৈধ বিদেশীয়ে অসম এৰি যাব লাগিবই : মন্দিয়াৰ জনসভাত অখিল গগৈ

Posted by: পুলেন্দ্ৰ দাস November 19, 2018 8:48 pm
7c577914-bd19-4e00-8dae-e231f625ea3b

“অবৈধ বিদেশীয়ে অসম এৰি যাব লাগিবই”-এই হুংকাৰ কৃষক নেতা অখিল গগৈৰ। বৰপেটাৰ মন্দিয়াত কেইবা সহস্ৰাধিক ৰাইজৰ লগত সমস্বৰে ধ্বনি দি কৃষক নেতাগৰাকীয়ে এই হুংকাৰ দিয়ে ৷

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল, ভূমিহীন লোকক ভূমি প্ৰদানৰ লগতে কৃষকৰ সমস্যা সমাধানৰ দাবীত বৰপেটা জিলাৰ মন্দিয়াত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিৰ আহ্বানত অনুষ্ঠিত বিশাল জনসভাত কৃষক নেতা অখিল গগৈ, গান্ধীবাদী নেতা সন্দ্বীপ পাণ্ডেকে আদি কৰি প্ৰায় কুৰি জনীয়া সংবিধান সন্মান যাত্ৰাৰ দল এটাই অংশ গ্ৰহণ কৰে।

কেইবা সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অখিল গগৈয়ে ভাষণ প্ৰসংগত  কয় যে, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰালৈকে বিধেয়ক বিৰোধী আন্দোলন অব্যাহত থাকিব ৷

উল্লেখ্য যে, গান্ধী জয়ন্তীৰ দিনা দেশৰ ৰাজধানী চহৰ দিল্লীৰ পৰা নেচনেল এলায়েঞ্চ ফৰ পিপুলছ ম’ভমেন্টৰ উদ্যোগত আৰম্ভ কৰা সংবিধান সন্মান যাত্ৰাৰ দলে আহি আজি অংশ লয় এইখন সভাত।

ভাৰতৰ বিভিন্ন প্ৰদেশৰ পৰা ২০ জনীয়া দলেৰে গঠিত যাত্ৰাৰ দলটোক নেতৃত্ব প্ৰদান কৰিছে নৰ্মদা বাচাও আন্দোলনৰ নেত্ৰী মেধা পাটকাৰ, গান্ধীবাদী নেতা সন্দ্বীপ পাণ্ডেই।

মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি বিয়লি অনুষ্ঠিত বিশাল জনসভাত অংশ গ্ৰহণ কৰি ভাষণ প্ৰসংগত গান্ধীবাদী নেতা সন্দ্বীপ পাণ্ডেই কয় যে, সকলো ধৰ্মাৱলম্বী লোকে মিলিজুলি এই দেশত বসবাস কৰিছিল যদিও বিজেপিয়ে ধৰ্ম আৰু জাত-পাতৰ ৰাজনীতি কৰি সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিছে।

তামিলনাডুৰ পৰা অহা প্ৰফেছৰ গেভৰিয়েলে এই সভাত অংশ গ্ৰহণ কৰি ভাষণ প্ৰসংগত দক্ষিণ ভাৰতৰ কৃষক সকলে দিল্লীত অনুষ্ঠিত কৰা বিশাল প্ৰতিবাদী কাৰ্যসূচীক সোঁৱৰাই দিয়ে।

দিল্লীৰ পৰা অহা জন আন্দোলনৰ নেতা ভূপেন্দ্ৰ সিং ৰাৱাটেও এই বিশাল জন সভাত ভাষণ প্ৰদান কৰে। অৱশ্যে আজিৰ এই সভাত নৰ্মদা বাচাও আন্দোলনৰ নেত্ৰী মেধা পাটকাৰ অহাৰ কথা আছিল যদিও তেওঁ উপস্থিত নহ’ল।