NORTHEAST NOW (Assamese)
অসম

উন্নয়ন! প্ৰতিশ্ৰুতিৰ দহ বছৰ পিছতো বদাহপুৰত নহ’ল ‘আৰক্ষী চকী’

Posted by: নীলমণি শৰ্মা November 22, 2018 7:30 am
IMG_20181118_115701

গোৱালপাৰাৰ পৰা জিলাৰ বদাহপুৰ গাঁও পঞ্চায়তৰ অসম-মেঘালয় সীমান্তত বসবাস কৰা গাৰো-ৰাভা ৰাইজৰ নিৰাপত্তাৰ বাবে এখন অাৰক্ষী চকী স্থাপনৰ প্ৰতিশ্ৰুতি দিয়াৰ প্ৰায় দহ বছৰ অতিক্ৰম কৰাৰ পাছতো আজিলৈ বদাহপুৰত স্থাপন নহল আৰক্ষী চকী।

উল্লেখযোগ্য যে বিগত ২০১১ চনত একে নিশাই গাৰো উগ্ৰপন্থীৰ দলে উক্ত অঞ্চলৰ সাতজনকৈ লোকক একে সময়তে গুলীয়াই হত্যা কৰিছিল। ইয়াৰ পিছতে অঞ্চলটোলৈ বহু বিয়াগোম বিয়াগোম মন্ত্ৰী পৰিদৰ্শনৰ বাবে আহি এসপ্তাহৰ ভিতৰতে আৰক্ষী চকী সংস্থাপনৰ লগতে বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

নানা প্ৰতিশ্ৰুতিৰ পিছতো কিন্তু আজিলৈ সীমান্তৱৰ্তী অতি স্পৰ্শকাতৰ অঞ্চল এই বদাহপুৰত কোনো উন্নয়ন নহ’ল।  বদাহপুৰ গেণ্ডামাৰীত ৰাইজৰ নিৰাপত্তাৰ বাবে আৰক্ষী চকী দাবী কৰিছিল, কিন্তু চৰকাৰ প্ৰশাসনে একো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহ’ল।

বাট-পথ, খোৱা পানী, শিক্ষা, স্বাস্থ্য সকলোতে পিছ পৰা এই অঞ্চলৰ লোক সকলে আদিম মানৱৰ দৰে জীৱন অতিবাহিত কৰিব লগা হৈছে।

গতিকে বদাহপুৰ বাসীয়ে আৰু নতুকৈ প্ৰতিশ্ৰুতিৰ বোজা বহন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত এসেকা দিব মিছলীয়া ৰাজনৈতিক দলৰ প্ৰাৰ্থীক আৰু নিৰ্বাচিত কৰিব ৰাইজৰ কাম কৰিব পৰা লোকক ৷

ইফালে শেহতীয়াকৈ গোৱালপাৰাৰ বদাহপুৰ গাঁও পঞ্চায়তত কংগ্ৰেছ দলৰ খহনীয়া আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। নিৰ্বাচনৰ প্ৰাক মূহূৰ্তত প্ৰবীন কংগ্ৰেছী দেৱ নাথ ৰাভাৰ দল ত্যাগে স্বাভাৱিকতে দলটোক যথেষ্ট ক্ষতিসাধন কৰিব।