শিৱ দৌলত এন্দুৰৰ সন্ত্ৰাস : বৃহৎ এন্দুৰৰ জাকে ফোঁপোলা কৰি পেলাইছে দৌল চৌহদ

শিৱসাগৰৰ শিৱ দৌল চৌহদত এতিয়া এন্দুৰৰ সন্ত্ৰাস চলিছে। চৌহদৰ বাহিৰে ভিতৰে এতিয়া শ শ এন্দুৰৰ উপদ্ৰৱ। দিনক দিনে বৃদ্ধি পোৱা এই এন্দুৰৰ জাকটোৱে শিৱ দৌল চৌহদত সৃষ্টি কৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। এন্দুৰে সৃষ্টি কৰা এই বৃহৎ বৃহৎ গাঁত বোৰৰ বাবে এতিয়া ভিতৰৰ পৰা গাঁথনি ফোঁপোলা হৈ পৰাৰ আশংকা কৰা হৈছে।
এতিয়া প্ৰশ্ন হৈছে যি কোনো মুহূৰ্ততে বাগৰি পৰিব পাৰে নেকি এছিয়াৰ ভিতৰতে আটাইতকৈ ওখ সোণৰ কলচী যুক্ত শিৱ দৌল ? দৌল চৌহদৰ বাহিৰে ভিতৰে বৃহৎ এন্দুৰৰ জাকে মাটি ওলিয়াই এতিয়া ফোঁপোলা কৰি পেলাইছে দৌল চৌহদ।

প্ৰত্যক্ষ দৰ্শীৰ মতে এই এন্দুৰ সমুহ প্ৰায় এটা গাহৰি পোৱালিৰ সমান। শ শ সংখ্যাৰ এই এন্দুৰৰ জাকটোৱে দৌল চৌহদটোত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি কৰাই নহয় শিৱ দৌল দৰ্শন কৰিবলৈ অহা দৰ্শনাৰ্থীৰ গাতো বগাই এই এন্দুৰ বোৰে।
দৌল চৌহদত কৰ্মৰত এজন কৰ্মচাৰীক এন্দুৰে ভৰিত কামোৰাৰ বাবে চিকিৎসাধীন হ’বলগীয়া হৈছে। দৌলত আশ্ৰয় লৈ থকা পাৰ চৰাইকো এন্দুৰে কামুৰি লৈ যায় বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে।
আনহাতে দৌল চৌহদৰ কাষতে থকা কেন্দ্ৰীয় পুৰাতত্ব বিভাগক স্থানীয় ৰাইজে বাৰম্বাৰ অৱগত কৰাৰ পাছতো কোনো ব্যৱস্থা নোলোৱাৰ এক অভিযোগ উঠিছে।
যি সময়ত দেশৰ লগতে বিদেশৰ পৰা অহা পৰ্য্যটক, তীৰ্থ যাত্ৰী তথা বনভোজৰ দলে শিৱ দৌ’ল দৰ্শনৰ বাবে ভিৰ কৰে ঠিক তেনে সময়তে দৌল চৌহদত সৃষ্টি হোৱা এন্দুৰৰ সন্ত্ৰাসে দৰ্শনাৰ্থী তথা পৰ্য্যটকৰ সংখ্যা হ্ৰাস কৰিব বুলি আশংকা কৰিছে ৰাইজে।
ৰাইজৰ আন এক অভিযোগ যি সময়ত পৰ্য্যটকৰ আগমন ঘটে শিৱ দৌললৈ, ঠিক সেই সময়তে দৌলটো ৰং কৰাৰ বাবে ওখ ওখ বাঁহ লগায় থয় যাৰ বাবে দেশী- বিদেশী পৰ্য্যটকসকল দৌলটোৰ প্ৰকৃত সৌন্দৰ্য্য উপভোগ কৰাৰ পৰা বঞ্চিত হয় ।
ইপিনে, শনিবাৰে শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু জিলা আৰক্ষী অধীক্ষক সুবোধ সোণোৱালে বিষয়টো গুৰুত্ব সহকাৰে লৈ দৌল চৌহদৰ পৰিস্থিতিৰ বুজ লয়।