NORTHEAST NOW (Assamese)
অসম

সৰিয়হৰ ডুলিতে ভূত : কাজিৰঙাৰ পাণবাৰীত বনকৰ্মীৰ শিৱিৰৰ পৰাই গুলী, টকা-পইচা লৈ চোৰ উধাও

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া December 5, 2018 12:47 pm
Panbari Forest camp

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী সংৰক্ষিত বনাঞ্চলত থকা মদাৰজুৰি বন শিৱিৰত মঙলবাৰে নিশা সংঘটিত হয় এক অবাঞ্ছিত ঘটনা। চোৰাং চিকাৰীৰ পৰা বন্য প্ৰাণী সুৰক্ষিত কৰাৰ বাবে নিয়োজিত হৈ থকা খোদ বন কৰ্মীৰ শিৱিৰতে নিশা এটা চোৰৰ দলে চলায় চাফাই অভিযান। 

জানিব পৰা মতে মদাৰজুৰি বন শিৱিৰৰ কৰ্মীসকলে নিশা পহৰাৰ দায়িত্বত ব্যস্ত থকাৰ সময়তে কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে শিৱিৰটোত সোমাই বনকৰ্মী সকলৰ টকা-পইচা, এ টি এম কাৰ্ড, ইনভাৰ্টাৰ, কাপোৰৰ লগতে ৮ ৰাউণ্ড সক্ৰিয় গুলী লৈ উধাও হয়।

ইফালে পহৰা শেষ কৰি পুৱতি নিশা বনকৰ্মীসকলে শিৱিৰত প্ৰৱেশ কৰাৰ পাছতহে চুৰি কাৰ্যৰ ঘটনা পোহৰলৈ আহে। লগে লগে বনকৰ্মীসকলে ঘটনা সন্দৰ্ভত বোকাখাত থানাত এখন এজাহাৰ দাখিল কৰে। এজাহাৰ পোৱাৰ পাছতে আৰক্ষী আৰু বন বিভাগৰ দলে স্নিফাৰ ডগ ব্যৱহাৰ কৰি চোৰ ধৰাৰ অভিযান আৰম্ভ কৰিছে।     

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু পাণবাৰী আদৰ্শ গাঁৱৰ সমীপতে অৱস্থিত শিৱিৰটোত তলা লগাই থোৱা আছিল যদিও চোৰে অতি দক্ষতাৰে শিৱিৰত প্ৰৱেশ কৰি চুৰি কাণ্ড সংঘটিত কৰাৰ আঁৰত বন্দুক নিয়াৰ পৰিকল্পনা থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে বনকৰ্মীয়ে।