NORTHEAST NOW (Assamese)
অসম

ৰাইজে উন্নয়নৰ স্বাৰ্থত পঞ্চায়ত নিৰ্বাচনত ক্ষমতাত থকা দলটোক অধিক গুৰুত্ব দিয়ে : ৰকিবুল হুছেইন

Posted by: মিণ্টু দাস December 14, 2018 6:44 am
rokibul press meet.docx photo

“যেতিয়া চৰকাৰ এখন ক্ষমতাত থকে, তেতিয়া ৰাইজে উন্নয়নৰ স্বাৰ্থত পঞ্চায়ত নিৰ্বাচনত ক্ষমতাত থকা দলটোক অধিক গুৰুত্ব দিয়ে। কংগ্ৰেছ শাসনত থকা অৱস্থাতো পঞ্চায়ত নিৰ্বাচনত ঈৰ্ষণীয় ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল,” —এই মন্তব্য প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপ- দলপতি ৰকিবুল হুছেইনৰ।

নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ত বৃহস্পতিবাৰে বিয়লি আয়োজিত এক সংবাদমেলত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে বিজেপি দলক সমালোচনাৰ লক্ষ্য কৰি আৰু কয় যে কংগ্ৰেছ শাসনত থাকোতে জিলা পৰিষদ, গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়ত সকলোতে জয়ী হৈছিল। আনকি ৱাৰ্ড মেম্বাৰ পৰ্যন্ত বিৰোধীয়ে নিব পৰা নাছিল।

হুছেইনে লগতে কয়, আমি পঞ্চায়তত নগাঁৱত ভাল ফলাফল পাইছোঁ। কিছুমান ঠাইত সমানে সমানে আগবাঢ়িছো। ইতিমধ্যে পাচঁখন ৰাজ্যত ঘোষিত বিধানসভা নিৰ্বাচনৰ ফলাফলত বিজেপি বিধ্বস্ত হৈ পৰিছে। তথাপিও তেওঁলোকৰ অহংকাৰ কমা নাই। তেওঁলোকে অহংকাৰটো কমোৱা ভাল।

ভাৰতবৰ্ষত সকলো বিৰোধী দল একত্ৰিত হোৱা বুলি উল্লেখ কৰি ৰকিবুল হুছেইনে কয়, ‘’২০১৯’ত ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে চৰকাৰ গঠন কৰাটো নিশ্চিত।‘’

উত্তৰ-পূবত কংগ্ৰেছ মুক্ত বুলি বিজেপিয়ে অপপ্ৰচাৰ চলাইছে বুলি হুছেইনে মন্তব্য কৰি কয় যে মিজোৰাম কংগ্ৰেছে ৫ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে মাত্ৰ ১ খন আসন লাভ কৰিছে। তাৰ পাছতো তেওঁলোকে কয় উত্তৰ-পূব কংগ্ৰেছ মুক্ত। তেওঁলোকে আৰু কিমান ফাঁকি দিব। কংগ্ৰেছক কেতিয়াও উৎখাত কৰিব নোৱাৰে।

মণিপুৰত চুৰ কৰি চৰকাৰ গঠন কৰিছে বুলি কটাক্ষ কৰি হুছেইনে কয়, ‘’তেওঁলোকে ১খন পাই যুক্ত আৰু আমি ৫ খন পাই কংগ্ৰেছ মুক্ত।‘’

চামগুৰিত কংগ্ৰেছৰ শোচনীয় পৰাজয় ঘটা নাই বুলি উল্লেখ কৰি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয় যে বহু ৰথী-মহাৰথীৰো অৱস্থা শোচনীয় হৈছে। কিন্তু মোক টাৰ্গেট কৰি লোৱা হৈছে। চামগুৰিত কংগ্ৰেছৰ ভোটৰ হাৰ বিধানসভাৰ তুলনাত বৃদ্ধি হৈছে। যিটো ভোট গ্ৰহণ কেন্দ্ৰত মই ভোটদান কৰিছিলো, সেইটো ৱাৰ্ডত আগতো কংগ্ৰেছ হাৰে। মই চামগুৰিৰ পৰা চাৰি বাৰকৈ নিৰ্বাচিত হৈছো। প্ৰতিবাৰেই ১৫/২০ হাজাৰ ভোটত জয়লাভ কৰো। ২০১৬’ তো ১৬০০০ ভোটত জয়লাভ কৰিছিলো।

একালৰ সতীৰ্থ তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম নোলোৱাকৈ হুছেইনে কয় যে কাৰোবাৰ দৰে মই ১ লাখ ভোটত নিজিকো। ১৫/১৬ হাজাৰতে জিকো। চামগুৰিত কংগ্ৰেছৰ ফলাফল ভাল বুলি মন্তব্য কৰি হুছেইনে কয় যে ২০১১’ অথবা ২০১৬’ তো মই যেতিয়া বিধানসভা নিৰ্বাচনত প্ৰথম দুটা ৰাউণ্ডত পিছ পৰি থকো তেতিয়াও এনে এটা পৰিবেশ সৃষ্টি হয় যে ৰকিবুল হুছেইন হাৰিল। কিন্তু যেতিয়া ফলাফল ওলাই, তেতিয়া ৰাইজো আচৰিত হয়।

সংবাদমেলত পঞ্চায়তৰ ভোট দাতা ৰাইজলৈ ৰকিবুল হুছেইনে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই কলিয়াবৰৰ ভোট গণনা কেন্দ্ৰত শাসকীয় দলৰ প্ৰাৰ্থীৰ এজেন্টসকলে সৃষ্টি কৰা অপ্ৰীতিকৰ পৰিৱেশকলৈ ৰাজ্যিক নিৰ্বাচনী আয়োগলৈ নগাঁও জিলা কংগ্ৰেছে অভিযোগ প্ৰেৰণ কৰাৰ কথাও প্ৰকাশ কৰে।