NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীবাসীলৈ সাৱধানবাণী! ৰাজপথ-নলাত আৱৰ্জনা পেলালে ভৰিব লাগিব জৰিমনা

Posted by: এন ই নাও নিউজ December 20, 2018 11:31 am
garbage throwing pic

কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হোৱাৰ পাছতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশখনক স্বচ্ছ নিকা কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা ‘স্বচ্ছ ভাৰত’ আঁচনি দেশৰ প্ৰায় অঞ্চলতে ফলপ্ৰসূ নোহোৱা হেতুৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী পৌৰ নিগমে গ্ৰহণ কৰিছে এক উল্লেখনীয় পদক্ষেপ।

এতিয়াৰে পৰা গুৱাহাটীৰ ৰাজপথ তথা নলা-নৰ্দমাত আৱৰ্জনা, থু-খেকাৰ-পিক পেলালে ভৰিব লাগিব জৰিমনা। গুৱাহাটীক দেশৰ ভিতৰতে এখন আগশাৰীৰ মহানগৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে গুৱাহাটী পৌৰ নিগমে এই নিৰ্দেশ জাৰি কৰিছে।

উল্লেখযোগ্য যে গুৱাহাটী পৌৰ নিগম আইন ১৯৭১ৰ ২৭২ নং ধাৰা অনুসৰি এই কঠোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। লক্ষ্যণীয় যে সততে গুৱাহাটী মহানগৰীৰ প্ৰধান ৰাজপথ তথা বিভিন্ন পথ-উপপথত প্ৰায় লোকে আৱৰ্জনা, থু-খেকাৰ, পিক পেলাই অহাৰ দৃশ্য দেখিবলৈ পোৱা যায়।

ইয়াৰ উপৰি মহানগৰীৰ নলা-নৰ্দমাসমূহতো প্লাষ্টিকৰ বটল, আৱৰ্জনাকে ধৰি বিভিন্ন ধৰণৰ পেলনীয়া সামগ্ৰী জধে-মধে পেলাই আহিছে। যাৰ ফলত বাৰিষাৰ দিনত এজাক বৰষুণতে গুৱাহাটীৰ বিভিন্ন অঞ্চল বানপানীৰ কৱলত পৰে। এনেবোৰ কাৰণ তথা স্বচ্ছ ভাৰতৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ পথ-উপপথ, নলা-নৰ্দমাত আৱৰ্জনা পেলোৱাত নিষেধাজ্ঞা জাৰি কৰিছে।

ইফালে গুৱাহাটী পৌৰ নিগমৰ এনে নিষেধাজ্ঞাক সাধাৰণ লোকৰ লগতে সচেতন মহলে ভূয়সী প্ৰশংসা কৰাৰ লগতে এনে পদক্ষেপে গুৱাহাটী মহানগৰক দেশৰ ভিতৰতে এখন পৰিষ্কাৰ-পৰিচ্ছন্ন নগৰীলৈ ৰূপান্তৰিত কৰাত সহায় কৰিব বুলিও উল্লেখ কৰে।