NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত স্বাস্থ্য মন্ত্ৰী  ড০ শৰ্মাৰ ঘোষণা : ২০১৯ৰ ফেব্ৰুৱাৰীত মুকলি হ’ব নিৰ্মীয়মান ব্লাডবেংক

Posted by: কাজি জেইদুল ইছলাম December 24, 2018 7:46 pm
20181224053251_IMG_2955

বিশ্বনাথত  উপস্থিত  স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । বিশ্বনাথ অসামৰিক চিকিৎসালয়ত মন্ত্ৰী গৰাকী  উপস্থিত হৈ পৰিদৰ্শন কৰিলে নিৰ্মীয়মান হৈ থকা ব্লাডবেংকটো । ব্লাডবেংকটো পৰিদৰ্শন কৰি  অসামৰিক চিকিৎসালয়খনৰ চিকিৎসকসকলৰ সৈতে আলোচনাত মিলিত হয় স্বাস্থ্য মন্ত্ৰীগৰাকী।  স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে যে নিৰ্মীয়মান ব্লাডবেংকটো অহা বছৰৰ ফেব্ৰুৱাৰী মাহত মুকলি কৰা হ’ব।

চিকিৎসালয়খনত বহু দিনৰ পৰা চলি থকা পানী আৰু বিদ্যুতৰ সমস্যা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰে যে অচিৰেই ইয়াৰ সমাধান কৰা হ’ব। সাংবাদিকৰ আগত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে  প্ৰকাশ কৰিছে যে চিকিৎসালয়খনৰ পানী আৰু বিদ্যুতৰ মানদণ্ড উন্নত কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক আদেশ দিছে।

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে আৰু কয়, “জিলা চিকিৎসালয়খনৰ অনুমোদন কৰা হৈছে কিন্তু  উচ্চতম ন্যায়ালয়ত এটা গোচৰ চলি থকা বাবে আমি কাম আৰাম্ভ কৰা নাই।’’ এই কথা কোৱা বাহুল্য যে  আগন্তুক সময়ত যদি উক্ত ব্লাডবেংকটো মুকলি হ’লে স্থানীয় ৰাইজক যথেষ্ট উপকৃত কৰিব।