NORTHEAST NOW (Assamese)
চীন

শিক্ষাৰ্থীৰ গতিবিধিৰ ওপৰত চকু : চীনৰ বিদ্যালয়ৰ য়ুনিফৰ্মত জিপিএছ সংলগ্ন

December 29, 2018 8:32 am
10672318-3x2-700x467

চীনৰ বিদ্যালয়ৰ য়ুনিফৰ্মত জিপিএছ সংলগ্ন চীপ সংযুক্ত কৰা হৈছে। ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলৰ গতি বিধি নিৰীক্ষণ কৰা হ’ব। যেতিয়া কোনো শিক্ষাৰ্থীয়ে বিনানুমতিত বিদ্যালয়কক্ষ ত্যাগ কৰিব অথবা বিদ্যালয়ত অনুপস্থিত থাকে তেন্তে  এই স্মাৰ্ট য়ুনিফৰ্মে এটা সংকেতধ্বনি কৰিব। শ্ৰেণী কোঠাৰ বাহিৰতো জিপিএছ ব্যৱস্থাটোৱে শিক্ষাৰ্থীসকলক গতি বিধি নিৰীক্ষণ কৰিব। উল্লেখ্য যে স্মাৰ্ট কেম্পাছ বাস্তৱায়িত কৰাৰ বাবে বেইজিঙে নিয়মীয়াকৈ আহ্বান জনাই আহিছে।

সদ্যহতে, চীনৰ দক্ষিণ-পশ্চিমৰ গুইঝাও প্ৰদেশৰ ১১খন বিদ্যালয়ত এই য়ুনিফৰ্ম প্ৰৱৰ্তন কৰা হৈছে। এই জিপিএছ ব্যৱস্থাটোৰ বিকাশ সাধন কৰিছে গুইনঝাও গুৱান্যু টেকন’লজি নামৰ ফাৰ্মখনে।

ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ত প্ৰৱেশ কৰাৰ লগে লগে এটা ছাত্ৰ-ছাত্ৰীসকল প্ৰৱেশৰ তাৰিখ আৰু সময় সহ এটা সৰু ভিডিঅ তৈয়াৰ হৈ যায় আৰু সেয়া তেওঁলোকৰ মাক-দেউতাকে মোবাইলত চাব পাৰে।

য়ুনিফৰ্মৰ কান্ধত ভৰাই ৰখা জিইপিএছৰ চীপদুটাই ৫০০ বাৰ ধোৱা আৰু ১৫০ ডিগ্ৰী ছেলচিয়াছ উত্তাপ সহ্য কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে।

উক্ত ডিভাইচটোৱে শ্ৰেণীকোঠাত পঢ়াৰ সময়ত টোপনিত পৰা ছাত্ৰ-ছাত্ৰীক জগাই দিব। ছাত্ৰ-ছাত্ৰীসকলে কি কি ক্ৰয় কৰে সেই সম্পৰ্কেও মাক-দেউতাক অৱগত হ’ব পাৰিব।

ইফালে, চীন চৰকাৰ আৰু বিদ্যালয় প্ৰশাসনৰ দ্বাৰা গ্ৰহণ কৰা এই পদক্ষেপৰ ওপৰত মিশ্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এচামে ছাত্ৰ-ছাত্ৰীসকলৰ গতি বিধিৰ ওপৰত নজৰ ৰাখিব পৰা ব্যৱস্থাৰ প্ৰৱৰ্তনত আস্থা প্ৰকাশ কৰাৰ বিপৰীতে এচামে ইয়াত মানৱাধিকাৰৰ চৰম উল্লংঘন বুলি আখ্যা দিছে।

চীনৰ নিজস্ব ছচিয়েল মেডিয়া ৱেইবো ব্যৱহাৰকাৰীয়ে উক্ত বিষয়টো লৈ যথেষ্ট যুক্তি তৰ্ক কৰিছে। এচামে যেনেকৈ এই ব্যৱস্থাটোৱে হেৰাই যোৱা শিশুক অনুসৰণ কৰি বিচাৰি উলিওৱাত আৰু তেওঁলোকৰ গতি বিধি নিয়ন্ত্ৰণ কৰি নিয়মানুৱৰ্তী কৰাত সহায়ক হ’ব ইতিবাচক দৃষ্টিভংগীৰে গ্ৰহণ কৰিছে, ইয়াৰ বিপৰীতে এচামে এটা ছাত্ৰ-ছাত্ৰসকলৰ হকে যুক্তি প্ৰদৰ্শন কৰি কৈছে যে কাৰোবাক ২৪ ঘণ্টাই নিৰীক্ষণৰ মাজত ৰখাটো মানৱাধিকাৰৰ লংঘন।