NORTHEAST NOW (Assamese)
অসম

ন ইতিহাসেৰে শিৱসাগৰত মহিলাৰ ‘আইদেউ বজাৰ’; পাব থলুৱা সামগ্ৰী, নিষেধ বাহিৰৰ বস্তু

Posted by: পাৰ্শ্বজ্যোতি গগৈ January 6, 2019 11:22 pm
Sivasagar

শিৱসাগৰত দেওবাৰে পোন প্ৰথমবাৰৰ বাবে মুকলি কৰা হয় মহিলাৰ দ্বাৰা পৰিচালিত এখন সাপ্তাহিক বজাৰ।

ঐতিহাসিক শিৱ দ’ল চৌহদৰ সমীপত ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পথৰ কাষত “আইদেউ বজাৰ” নামেৰে এই বজাৰখন শুভাৰম্ভ কৰিছে সুবচিনি মহিলা মঞ্চই।

প্ৰতি দেওবাৰে পুৱা ৭ বজাৰ পৰা মুকলি থাকিব লগা বজাৰখনত উপলব্ধ হ’ব থলুৱাভাৱে উৎপাদিত শাক-পাচলিৰ লগতে মহিলাসকলে ঘৰতে প্ৰস্তুত কৰা চিৰা, পিঠা, দৈকে ধৰি কুটীৰ আৰু বয়ন শিল্প সামগ্ৰী।

“আইদেউ বজাৰত থলুৱাভাৱে উৎপাদিত সামগ্ৰী বিক্ৰী কৰা হ’ব। বাহিৰৰ পৰা অহা সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হ’ব,” বজাৰখন মুকলি কৰি জনালে শিৱসাগৰ পৌৰসভাৰ সভানেত্ৰী মৃদুস্মিতা সিনহাই।

মহিলা মঞ্চৰ সম্পাদিকা গীতাঞ্জলী হাজৰিকা আৰু জয়ন্ত বৰুৱাই আঁত ধৰা সভাখনত সমাজকৰ্মী সৌৰভ চলিহা, জ্যেষ্ঠ নাগৰিক শংকৰ আগৰৱালা, আছুৰ উপদেষ্টা প্ৰদীপ বৰগোহাঁই আৰু গল্ডেন জুবিলি নামৰ এন জি অ’টোৰ সঞ্চালক সঞ্জীৱ ফুকন আৰু আটাছু নেতা বসন্ত গগৈয়ো উপস্থিত আছিল।