NORTHEAST NOW (Assamese)
অসম

জাতি ৰক্ষাৰ স্বাৰ্থত উৰুকা বৰ্জন কৰি আজিৰ পৰা অনশনত বহিব অখিল গগৈ

Posted by: এন ই নাও নিউজ January 14, 2019 7:45 am
24-12-18-Guwahati-Akhil-Gogoi-Press-Meet-3-1-750x375

অসমীয়াৰ চেনেহৰ বিহু ভোগালী বিহুৰ আজি উৰুকাৰ দিনাই জাতীয় স্বাৰ্থত অনশনত বহিব কৃষক নেতা অখিল গগৈ। আজি দিনৰ ২ বজাৰ পৰা ছয় মাইলৰ ছছলত কৃষক নেতাগৰাকী ভোগালীৰ উৰুকা বৰ্জন কৰি বহিব অনশনত। এই কথা দেওবাৰে এক সংবাদমেলযোগে উল্লেখ কৰে কৃষক নেতা গৰাকীয়ে।

সংবাদমেলৰ জৰিয়তে অখিলে সকলো অসমবাসীকে ভোগালী বিহুটোক প্ৰতিবাদৰ অংশ হিচাপে ল’বলৈ আহ্বান জনায়। তেওঁ ভেলাঘৰ-মেজি বা নিজৰ ঘৰৰ সন্মুখত বিধেয়কখনৰ বিৰোধিতা কৰি বেনাৰ-প’ষ্টাৰ অথবা অসমীয়া গামোচাখন আঁৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবেও আহ্বান জনায়।

কৃষক নেতা গৰাকীয়ে সংবাদমেলৰ জৰিয়তে জাতিটোক বচাবৰ বাবে সকলোকে ঐক্যবদ্ধ হোৱাৰ আহ্বান জনাই অহা ৩১ জানুৱাৰিলৈকেহে জাতি ৰক্ষাৰ সময় আছে বুলি উল্লেখ কৰে। ফলত ইয়াৰ পূৰ্বে তেওঁ আলফাকে ধৰি সকলো সংগঠনকে জাতিটোৰ প্ৰতি নিজৰ নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়।