NORTHEAST NOW (Assamese)
অসম

জনজাতিকৰণ: ২৮ জানুৱাৰিৰ পৰা ধাৰাবাহিক আলোচনা, ১৫ ফেব্ৰুৱাৰিত প্ৰতিবেদন

Posted by: এন ই নাও নিউজ January 20, 2019 10:13 pm
ST status: Assam GoM to start series of discussion from Monday

অসমৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বিভিন্ন পৰিষদ, দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে ২৮ জানুৱাৰিৰ পৰা ধাৰাবাহিক আলোচনা আৰম্ভ কৰিব হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গঠিত মন্ত্ৰী গোটে।

অহা ১৫ ফেব্ৰুৱাৰিত কেন্দ্ৰক প্ৰতিবেদন দাখিল কৰিব লগা গোটটোৱে প্ৰথমে আলোচনাত মিলিত হ’ব ত্ৰাইবেল সংঘ আৰু অসমৰ ৬খন পৰিষদৰ সৈতে। আৰু তাৰ পৰৱৰ্তী পৰ্য্যায়ত জনজাতিকৰণৰ দাবীদাৰ গোষ্ঠীসমূহৰ প্ৰতিনিধিৰ সৈতে মন্ত্ৰীগোটটো আলোচনাত বহিব।

“২৮ জানুৱাৰিত ত্ৰাইবেল সংঘ, ২৯ জানুৱাৰিত বিটিচি আৰু ৩০ জানুৱাৰিত মিচিং, তিৱা, দেউৰী, ৰাভা, সোণোৱাল আৰু ঠেঙাল এই ৬খন পৰিষদৰ সৈতে আমি আলোচনাত বহাৰ সিদ্ধান্ত লৈছো। তাৰ পিছত তিনিদিন ৬টা গোষ্ঠীৰ প্ৰতিনিধিৰ সৈতে আমি আলোচনাত বহিম,” দেওবাৰে গুৱাহাটীত মন্ত্ৰীগোটৰ প্ৰথমখন বৈঠকৰ পিছত সংবাদ মাধ্যমক জনাই অধ্যক্ষ শৰ্মাই।

তেওঁ লগতে জনাই যে জনজাতিকৰণৰ দাবীদাৰ জনগোষ্ঠীৰ জনসংখ্যাৰ তথ্য ত্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউট আৰু বিভিন্ন সংস্থাৰ পৰা লোৱাৰ বাবে দেওবাৰৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

লগতে পঢ়ক– নিৰ্বাচনৰ আগত জনজাতিকৰণক লৈ বিজেপিৰ ‘নাটক’

শৰ্মাক অধ্যক্ষ, অসম চৰকাৰৰ মন্ত্ৰী চন্দন ব্ৰহ্মক আহ্বায়ক আৰু নৱ কুমাৰ দলে, পল্লৱ লোচন দাস, তপন গগৈক সদস্যৰূপে লৈ যোৱা ১৪ জানুৱাৰিত গোটটো গঠন কৰা হৈছিল।

যোৱা ১২ জানুৱাৰিত দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ সৈতে অসমৰ মুখ্য মন্ত্ৰী, বিত্ত মন্ত্ৰী আৰু বি টি চি মুৰব্বী হাগ্ৰামা মহিলাৰী আৰু সাংসদ বিশ্বজিত দৈমাৰী, বিপিএফ মন্ত্ৰী চন্দন ব্ৰহ্মৰ বৈঠকত এই মন্ত্ৰী গোট গঠনৰ সিদ্ধান্ত লোৱা হৈছিল।

অসমৰ ৬টা জনগোষ্ঠীক ক্ষমতালৈ আহিলে ৬ মাহৰ ভিতৰতে জনজাতিকৰণৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বাবে বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ সমালোচিত হৈ আহিছে।

কেন্দ্ৰৰ শেহতীয়া পদক্ষেপকো আসন্ন লোকসভা নিৰ্বাচন আৰু নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে গঢ়ি উঠা ব্যাপক আন্দোলনক মোকাবিলা কৰাৰ বাবে গ্ৰহণ কৰা হৈছে বুলি অসমৰ বিভিন্ন দল-সংগঠনে সমালোচনা কৰিছে।