DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হিমন্তক অধ্যক্ষ হিচাপে লৈ মন্ত্ৰী পৰ্য্যায়ৰ কমিটী গঠন; নিৰ্বাচনৰ আগত জনজাতিকৰণক লৈ বিজেপিৰ ‘নাটক’

ছমাহৰ ভিতৰত জনজাতিকৰণ হ'ব বুলি কোৱা বিজেপিয়ে পুনৰ শূন্যৰ পৰা আৰম্ভ কৰিব নেকি প্ৰক্ৰিয়াটো?

by
January 14, 2019 1:26 pm
BJP will pass Citizenship Bill, if gets majority in Rajya Sabha: Himanta Biswa Sarma

হিমন্ত বিশ্ব শৰ্মা। ছবি- টুইটাৰৰ পৰা।

1.2k
VIEWS
Share on FacebookShare on Twitter

 

বিগত লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কেন্দ্ৰত বিজেপি চৰকাৰ শাসনলৈ আহিলে ছমাহৰ ভিতৰত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ’ব বুলি কোৱা কেন্দ্ৰৰ বিজেপি চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ এতিয়াহে খৰখেদা কৰা দেখা গৈছে। আজি কেন্দ্ৰীয় চৰকাৰে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চালিজাৰি চাবলৈ অসম চৰকাৰৰ ৫জন মন্ত্ৰীক লৈ এখন মন্ত্ৰী পৰ্যায়ৰ কমিটী গঠন কৰে।

কমিটীখনৰ অধ্যক্ষ হিচাপে বিত্ত, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দায়িত্ব দিয়া হৈছে। আনহাতে মন্ত্ৰী চন্দন ব্ৰহ্ম হ’ব কমিটীখনৰ আহ্বায়ক। কমিটীৰ আনকেইজন সদস্যসকল ক্ৰমে নৱ কুমাৰ দলে, পল্লৱ লোচন দাস আৰু তপন গগৈ।

উল্লেখযোগ্য যে এই জনগোষ্ঠীকেইটাৰ বৃহৎ সংখ্যক ভোটাৰ থকালৈ লক্ষ্য কৰি বিজেপিয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ ফলাফলত এই বিষয়টোৱে যথেষ্ট প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা দেখি যোৱা কেইদিনত জনজাতিকৰণৰ বাবে বিশেষ তৎপৰতা প্ৰদৰ্শন কৰিছে।

আনকি ৯ জানুৱাৰিত ৰাজ্যসভাৰ মজিয়াত ইয়াৰ বাবে বিধেয়ক আনি গৃহীত কৰা বুলি কোৱা হৈছিল। কিন্তু ৰহস্যৰ কথাটো হ’ল বিধেয়ক গৃহীত কৰাৰ পিছতো ইয়াৰ বাবে উচ্চ স্তৰীয় কমিটী গঠন কৰাটো।

মন কৰিব লগীয়া যে বিধেয়ক উত্থাপন কৰিও ১২ জানুৱাৰিত দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ সৈতে অসমৰ মুখ্য মন্ত্ৰী, বিত্ত মন্ত্ৰী আৰু বি পি এফৰ শীৰ্ষ নেতা হাগ্ৰামা আৰু সাংসদ বিশ্বজিত দৈমাৰী, বিপিএফৰ মন্ত্ৰী চন্দন ব্ৰহ্মৰ বৈঠকত এইটো সিদ্ধান্ত কৰা হৈছিল যে অসমৰ একাংশ মন্ত্ৰীক লৈ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চালিজাৰি চাবলৈ এখন উচ্চ স্তৰীয় কমিটী গঠন কৰা হ’ব। এই সিদ্ধান্তৰ ভিত্তিতে আজি কমিটীখন গঠন কৰা হয়।

যোৱা প্ৰায় ৫ বছৰে কৰিব পৰা যিখিনি কাম কেন্দ্ৰীয় চৰকাৰে নকৰিলে এতিয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তাকে কৰিবলৈ খৰখেদাৰ নামত কমিটী গঠন কৰিবলৈ ওলোৱাটোক আস্থাত ল’ব পৰা নাই জনগোষ্ঠীকেইটাৰ প্ৰতিনিধিসকলে।

Recent News

Supreme Court on sex worker

উচ্চমত ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: অবৈধ নহয় গণিকা বৃত্তি, আৰক্ষীয়ে যৌনকৰ্মীক কৰিব নোৱাৰিব হাৰাশাস্তি

ট্ৰেংকুলাইজ কৰা হৈছে মহানগৰীত সন্ত্ৰাসৰ সৃষ্টি কৰা পথভ্ৰষ্ট বনৰীয়া ম’হটো

ট্ৰেংকুলাইজ কৰা হৈছে মহানগৰীত সন্ত্ৰাসৰ সৃষ্টি কৰা পথভ্ৰষ্ট বনৰীয়া ম’হটো

AHSEC

পৰীক্ষা সম্পৰ্কীয় কিছু চিন্তা

Bhima Koregaon Case

ভীমা কোৰেগাঁও গোচৰ: হাৰাশাস্তিৰ অভিযোগত কাৰাগাৰৰ ভিতৰতে অনশনত বহিল গোৰাখে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd