NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত নাগৰিকত্ব বিধেয়ক ২০১৬ বাতিলৰ দাবীত অৰ্ধনগ্ন প্ৰতিবাদ

Posted by: কাজি জেইদুল ইছলাম January 21, 2019 4:12 pm
WhatsApp Image 2019-01-21 at 4.03.05 PM

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত এইবাৰ বিশ্বনাথত অন্তৰ্বাস পিন্ধি প্ৰতিবাদ  সাব্যস্ত কৰিছে৷ বিশ্বনাথৰ উপায়ুক্তৰ কাৰ্যালয়ৰ  সন্মুখত  ৩ জন সচেতন যুৱকে এই   প্ৰতিবাদী কার্সূচী পালন কৰিছে৷ চতিয়াৰ যুৱক হেমন্ত  শইকীয়াৰ সৈতে অন্তৰ্বাস পিন্ধি অৰ্ধ উলংগ অৱস্থাত ভুবন দাস আৰু ভাৰত কাকতিয়ে এই বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷

ইফালে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু বিশ্বনাথ জিলা গোর্খা সন্মিলন, বিশ্বনাথ জিলা নেপালী সাহিত্য সভা আৰু বিশ্বনাথ জিলা আগছুৰ সমুহ আঞ্চলিক সমিতি সমুহৰ সহযোগত আজি বিশ্বনাথ চাৰিআলিত জোৰদাৰ প্ৰতিবাদী কাৰ্য্যসুচী গ্ৰহণ কৰা হয়। ভাৰতীয় সংবিধানৰ মূল ভেটি দুটা ধৰ্ম নিৰপেক্ষতা আৰু গণতন্ত্ৰত পোনপটীয়াকৈ কুঠাৰাঘাত কৰা চৰকাৰৰ এই কাৰ্য্যৰ বিৰোধিতা কৰি এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰি ৰাজপথ কঁপাই তোলাৰ লগতে ভাৰত চৰকাৰৰ প্ৰতিমূৰ্ত্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে, পুৱা ১১-০০ বজাৰ পৰা ১-০০ বজালৈকে বিশ্বনাথ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত ‘অসম চাহ জনজাতি ছাত্ৰ সন্থা’ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু বিশ্বনাথ, বিহালী, গহপুৰ আৰু নদুৱাৰ শাখাৰ সহযোগত নাগৰিকত্ব সংশোধনী বিধেয়ক  আইন, ২০১৬ বাতিল কৰা, অসমৰ ৬ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে দাবী জনাই ধৰ্ণা কাৰ্যসূচী পালন কৰে। এতিয়া ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বিশ্বনাথ জিলাও প্ৰতিবাদত মুখৰ হ’বলৈ ধৰিছে। ২ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী  লগতে আগছুৱে ৰাজপথত প্ৰতিমূৰ্ত্তি দাহ কৰা প্ৰতিবাদক  আগন্তুক সময়ত চৰকাৰে কেনেধৰণে গুৰত্ব দিয়ে সেয়া হ’ব  লক্ষণীয়।