NORTHEAST NOW (Assamese)
অসম

কামৰূপ মহানগৰ জিলাৰ নতুন উপায়ুক্তৰ দায়িত্ব ল’লে বিশ্বজিৎ পেগুৱে

Posted by: এন ই নাও নিউজ January 23, 2019 9:13 am
Biswajit Pegu

যোৱা ২১ জানুৱাৰিত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পদৰ পৰা বীৰেন্দ্ৰ মিট্টালে বিদায় লোৱাৰ পিছতে কালি অৰ্থাৎ মঙলবাৰে ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া বিশ্বজিৎ পেগুৱে নতুন উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে।

আই এ এছ বিষয়া গৰাকীয়ে কালি ভাৰ‌প্ৰাপ্ত উপায়ুক্ত ড০ বিজয়া চৌধুৰীৰ পৰা আনুষ্ঠানিকভাৱে জিলাখনৰ উপায়ুক্তৰ দায়িত্ব গ‌্ৰহণ কৰে। এই উপলক্ষে উপায়ুক্ত কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে তেওঁক আদৰণি জনায়।

উল্লেখযোগ্য যে শেহতীয়াভাৱে অসম চৰকাৰে ৰাজ্যখনৰ আমোলাতন্ত্ৰত ব্যাপক সাল-সলনি ঘটাইছে। ৰাজ্যখনৰ ৩৮গৰাকী আমোলাক বদলি কৰাৰ লগতে তেওঁলোকৰ দায়িত্বৰ পৰিৱৰ্তন ঘটোৱা হৈছে।

আনহাতে, পূৰ্বৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালক অসম চৰকাৰৰ গৃহ আৰু ৰাজনীতি বিভাগৰ সচিব হিচাপে নিযুক্তি দিয়া হৈছে। সোমবাৰে জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত অনুষ্ঠিত এক বিদায়ী সভাত মিট্টালক কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনায়।