NORTHEAST NOW (Assamese)
অসম

তৃতীয় ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱত অংশ ল’লে বলীউডৰ মোহময়ী অভিনেত্ৰী মনিষা কৈৰালাই

Posted by: এন ই নাও নিউজ February 10, 2019 10:52 pm

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত তৃতীয় ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ আজি দ্বিতীয় দিনা উপস্থিত থাকিল বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী মনীষা কৈৰালা।

উল্লেখযোগ্য যে অসম প্ৰকাশন পৰিষদে আয়োজন কৰা এই সাহিত্য উৎসৱত আজি দেশ-বিদেশৰ দুকুৰিৰো অধিক লেখক-সাহিত্যিকে পাঠকৰ সৈতে ১৫ খনতকৈও অধিক আলোচনাচক্ৰত মিলিত হয়।

আৰ্জেণ্টিনাৰ পৰা অহা বিশিষ্ট সাহিত্যিক জুৱান স্কলাৰে সঞ্চালনা কৰা কথাশিল্প সম্পৰ্কীয় আলোচনাচক্ৰত ফৰাচী লেখক হুবাৰ্ট হাডাড, মালয়ালাম গল্পকাৰ এন এছ মাধৱেন, লেখিকা জাহ্নৱী বৰুৱা, গল্পকাৰ কুলধৰ শইকীয়া আৰু শিৱানন্দ কাকতিয়ে অংশগ্ৰহণ কৰে।

আনহাতে আজি শংকৰদেৱ কলাক্ষেত্ৰত বিশেষ আকৰ্ষণৰ মধ্যমণি হৈ পৰে বলিউডৰ অভিনেত্ৰী মনীষা কৈৰালা। দুৰাৰোগ্য কৰ্কট ৰোগক জয় কৰা কৈৰালাই তেওঁৰ ‘হিল্ড’ শীৰ্ষক গ্ৰন্থখনক লৈ অনুষ্ঠিত এক আলোচনাত অনুপ্ৰেৰণামূলক বক্তব্য প্ৰদান কৰে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয়ৰ পৰা অহা ছাত্ৰ-ছাত্ৰী তথা সাহিত্য অনুৰাগীসকলে ভিৰ কৰা আজিৰ আন এক আকৰ্ষণীয় কাৰ্যসূচী আছিল ম্যানমাৰৰ পৰা অহা তাৰা নৌচন তাৰাৰ ‘পয়েত্ৰি ইন মোচন’। মাধৱদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত দৰ্শকে ঠাহ খাই পৰা পৰিলক্ষিত হয়।