NORTHEAST NOW (Assamese)
অসম

এন আৰ চিৰ ভূতে খেদি ফুৰিছে বাংলাদেশী : মৰিগাঁৱত এজনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ March 5, 2019 10:42 am
Assam NRC-excluded Gorkhas not to visit Foreigner's Tribunal

মৰিগাঁৱৰ এন আৰ চি সেৱা কেন্দ্ৰত সোমবাৰে এজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰাৰ বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বিদেশী ন্যায়াধিকৰণৰ আদালতে বিদেশী বুলি ঘোষণা কৰা মৰিগাঁও জিলাৰ ধৰমতুল থানাৰ অন্তৰ্গত শিলভেটা গাঁৱৰ জয়নাল আবেদিনক নথি পৰীক্ষণৰ বাবে মৰিগাঁও চহৰৰ এন আৰ চি সেৱা কেন্দ্ৰলৈ আহোতে মৰিগাঁও জিলাৰ সীমান্ত শাখাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

মৰিগাঁও বিদেশী ন্যায়াধিকৰণৰ আদালতে বিদেশী বুলি ঘোষণা কৰাৰ পাছত জয়নাল আবেদিন দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল।

মৰিগাঁও আৰক্ষীৰ সীমান্ত শাখাৰ জিম্মাত থকা ধৃত বাংলাদেশী জয়নাল আবেদিনক বৰ্তমান আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। ইপিনে, আৰক্ষীয়ে জানিবলৈ দিয়া মতে আজি তেওঁক তেজপুৰস্থিত ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হ’ব।

বাংলাদেশী জয়নাল আবেদিনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত তেওঁৰ লগত অহা পত্নী তথা আত্মীয়-স্বজনে এন আৰ চি সেৱা কেন্দ্ৰটোত কন্দা-কটা কৰি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰে।

এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ বাবে এন আৰ চি কৰ্তৃপক্ষই যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাৰ শেষ পৰ্যায়তো এন আৰ চিক কেন্দ্ৰ কৰি বিদেশী নাগৰিক ধৰা পৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে।