NORTHEAST NOW (Assamese)
অসম

৪টা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকেৰে সৰ্বভাৰতীয় প্ৰতিযোগিতাত জিলিকিল অসমৰ মহিলা বক্সিং দল

Posted by: এন ই নাও নিউজ March 14, 2019 8:25 am
Boxing

সৰ্বভাৰতীয় অ’পেন বক্সিং চেম্পিয়নশ্বিপত ৪টা ৰূপৰ পদক আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অসমৰ মহিলা বক্সিং দল। উক্ত প্ৰতিযোগিতাখন যোৱা ১২ মাৰ্চৰ পৰা মধ্য প্ৰদেশৰ জবলপুৰ ৰাণীপাল ষ্টেডিয়ামত অনুষ্ঠিত হয়।

ৰূপৰ পদক বিজয়ী অসমৰ মহিলা বক্সাৰ কেইগৰাকী ক্ৰমে ৩৫ কেজি শাখাত অংকিতা বণিক, ৪৩ কেজি শাখাত বিজয়লক্ষ্মী গুপ্তা, ৪৫ কেজি শাখাত শ্ৰুতি নায়ক, ৪৮ কেজি শাখাত গুণগুণ যাদৱ। আনহাতে প্ৰতিযোগিতাখনত অসমৰ হৈ একমাত্ৰ ব্ৰঞ্জ পদক অৰ্জন কৰে চুম্পী চেতিয়াই।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ আগশাৰীৰ বক্সিং প্ৰতিযোগিতাখনত অসমৰ হৈ অংশগ্ৰহণ কৰা আটাইকেইগৰাকী খেলুৱৈ তিনিচুকীয়াৰ পৰা নিৰ্বাচিত হৈছিল। ডেইজী নায়কৰ পৰিচালনাত গৈছিল অসমৰ এই মহিলা দলটো। দলটোৰ প্ৰশিক্ষক মনোজ শ্বাহে ১৩ মাৰ্চত সংবাদ মাধ্যমৰ জৰিয়তে এই কথা প্ৰকাশ কৰে।